তেজপুৰ, 7 মাৰ্চ :১৮৭৬ চনত প্ৰতিষ্ঠা হোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত(Lokopriya Gopinath Bordoloi Regional Institute of Mental Health) অতি শীঘ্ৰেই ট্ৰমা আৰু নিৰ'লজিকেল চিকিৎসাৰ কেন্দ্ৰ ঘোষণা হোৱাৰ দিশে অগ্ৰসৰ হৈছে(Trauma and Neurological treatment in Tezpur) । সোমবাৰে চিকিৎসালয় খনৰ মুখ্য দ্বাৰৰ শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰে তেজপুৰিস্থত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ শৈলেন দেউৰীয়ে ৷
ভাৰতৰ ক'ভিড পৰিস্থিতিৰ পিছত ২০ শতাংশ মানসিক ৰোগী বৃদ্ধি পাইছে ৷ টেলি মেডিচিনৰ জৰিয়তে মানসীক সমস্যা দূৰ কৰিব পৰা যায় ৷ সেইবাবেই মোদী চৰকাৰে টেলি মেডিচিনৰ বাবে বাজেটত ধাৰ্য্য কৰিছে দুশ কোটি টকা ৷ এই মন্তব্য দেশৰ দ্বিতীয়খন সৰ্ববৃহৎ তথা পুৰণি মানসিক চিকিৎসা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ দেউৰীৰ ৷ লগতে তেঁও কয় যে, উত্তৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক মাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান খনে বিগত সময়চোৱাত সকলো ধৰণৰ ৰোগীৰ চিকিৎসাৰ অভাৱ পূৰণ কৰি আহিছে । মানসিক স্বাস্থ্য প্ৰতিষ্ঠান কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অতি সোনকালে স্নায়ু শৈল্য চিকিৎসা বিভাগৰ অনুমতি প্ৰদান কৰিব ।