অসম

assam

ETV Bharat / state

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ - Tezpur

তেজপুৰত ফুল আৰু উদ্যান শস্যৰ প্ৰতিযোগিতা

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ

By

Published : Feb 9, 2019, 8:58 PM IST

তেজপুৰ, ৯ ফেব্ৰুৱাৰীঃ উদ্যান শস্য়ক অধিক টনকীয়াল কৰাৰ উদ্দেশ্য়ৰে উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যৱস্থাপনা আৰু অসম উদ্যান শস্য সমিতি শোণিতপুৰ সহযোগত শনিবাৰে আয়োজন কৰা হয় ফুল আৰু উদ্যান শস্যৰ এখন প্ৰতিযোগিতা ।

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ

উল্লেখ্য যে, আজিও অসমত ৮০ শতাংশ ফুল বহিঃ ৰাজ্যৰ পৰা আমদানি কৰা হয়। সেয়ে অসমত ফুলৰ চাহিদা বৃদ্ধি, লগতে স্বাৱলম্বীতাৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিব পাৰি তাৰে প্ৰতি লক্ষ্য ৰাখিয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যৱস্থাপনা চমুকৈ নেৰীৱালমৰ সহযোগী অধ্যাপক মনোৰঞ্জন নাথে এই প্ৰতিযোগিতা সন্দৰ্ভত উল্লেখ কৰি কয় যে, প্ৰতিযোগিতাৰ মূল উদ্দশ্যেই হৈছে সাধাৰণ কৃষকক ফুল খেতিৰ প্ৰতি উৎসাহিত কৰাৰ লগতে ব্যৱসায়িক ভিত্তিতো কৃষকৰ আগ্ৰহ বৃদ্ধি কৰা ।

মুঠ ২৪ টা শাখাত ৩৪৯ বিধ সামগ্ৰী এই প্ৰতিযোগিতাত প্ৰদৰ্শনীত কৰা হয় । দুদিনীয়াকৈ আয়োজিত এই বিশেষ প্ৰতিযোগিতাত ঢেকীয়াজুলি, বিহগুৰি, ডিপোটা, বালিপৰা, নপাম, ধলাইবিল আদিকে ধৰি বহু দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বিচাৰকৰূপে উপস্থিত থাকে কৃষি বিভাগৰ উপ সঞ্চালক ডঃহৰেশ্বৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰ তেজপুৰৰ বিষয় বস্তু বিশেষজ্ঞ দ্বয় অংগনা শৰ্মা আৰু আৰিফা মমতাজ ।

ABOUT THE AUTHOR

...view details