অসম

assam

By

Published : May 24, 2022, 9:23 PM IST

ETV Bharat / state

অক্টোবৰত অৰুণাচলত মুকলি হ'ব বিশ্বৰ ভিতৰত প্ৰথমটো দুই লেনযুক্ত সুৰংগ

অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযুক্ত ২১৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নিৰ্মাণ হোৱা দুটা সুৰংগৰ দায়িত্বত আছে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ প্ৰজেক্ট ভৰ্টক (Project of Border Roads Organisation)। প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেদিয়াৰ হৰিশ কুমাৰৰ লগত ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ।

Project of Border Roads Organisation
বৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

তেজপুৰ, ২১ মে': ভাৰত-চীন সীমান্তলৈ যোৱা অৰুণাচল প্ৰদেশৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং সংযুক্ত ২১৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নিৰ্মাণ হোৱা দুটা সুৰংগৰ দায়িত্বত আছে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ প্ৰজেক্ট ভৰ্টক (Project of Border Roads Organisation)। প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ হৰিশ কুমাৰৰ লগত ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ।

সীমান্তৰ অত্যন্ত স্পৰ্শকাতৰ অঞ্চলসমূহত উন্নয়নৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৰিম'টৰ জৰিয়তে এই সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে সুৰংগ দুটাৰ কাম সম্পন্ন কৰিছিল । টাৱাং জিলাৰ চেলাপাচত নিৰ্মাণ হোৱা সুৰংগটোৰ দুটা টিউব আছে আৰু ই ১৩,৮০০ মিটাৰ উচ্চতাত নিৰ্মাণ হোৱা পৃথিৱীৰ ভিতৰত প্ৰথমটো দুই লেনযুক্ত সুৰংগ ।

বৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

উল্লেখ্য যে, সুৰংগ দুটাৰ ভিতৰত জৰুৰী সেৱাসমূহ 24 ঘণ্টাই উপলব্ধ হ’ব ৷ নেচিফু সুৰংগৰ দৈৰ্ঘ ৫০০ মিটাৰ আৰু ই টাৱাং সংযোগী পথৰ দূৰত্ব ৭ কিলোমিটাৰ হ্ৰাস কৰিব (Nechiphu Tunnel in Arunachal Pradesh)৷ সীমান্তলৈ যোৱা ভাৰতীয় সেনাবাহিনীৰ লোক আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লগতে পৰ্যটকৰ বাবে ই অতি সুগম হৈ পৰিব । কাৰণ অৰুণাচল প্ৰদেশৰ পথ বিশেষকৈ টাৱাং সংযোগী পথত সংঘটিত হোৱা ভূমিস্খলন আৰু তুষাৰপাতৰ বাবে বহু সময়ত সেনাৰ কনভয় পাৰ হোৱাত বহু সময়ৰ প্ৰয়োজন হয় ৷ সম্প্ৰতি এই দুটা সুৰংগই সমস্যাৰ অন্ত পেলাব বুলি আশা কৰা হৈছে ।

আনহাতে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া অন্য এটা সুৰংগৰ(Tunnel in Brahmaputra) বিষয়ে ব'ৰ্ডাৰ ৰোডছক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এই সন্দৰ্ভত যাৱতীয় আলোচনা অব্যাহত ৰখা বুলি ব্ৰিগেডিয়াৰ হৰিশ কুমাৰে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:কংস মামাৰ ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্য়মন্ত্ৰীয়ে: অখিল গগৈ

ABOUT THE AUTHOR

...view details