তেজপুৰ, ১৭ আগষ্ট : নৰ্থ ইষ্ট কাউন্সিল শ্বিলঙৰ পৃষ্ঠপোষকতাত আৰু দ্য হিউমেনিটী গ্ৰুপৰ উদ্যোগত ট্ৰাইবেল ডিছক'ভাৰী ট্যুৰ এণ্ড ট্ৰেভেলছ আৰু আনপ্লেনড ইভেণ্টছৰ সহযোগত ১৩ আগষ্টৰ পৰা ১৬ আগষ্টলৈ টাৱাঙত অনুষ্ঠিত হয় 'নৰ্থ-ইষ্ট ইণ্ডিয়া এক্সপ'জাৰ ট্যুৰ কাম কনভেনচন-২০২৩' । চাৰিদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰে অনুষ্ঠিত এই ঐতিহাসিক তথা অগ্ৰণী অনুষ্ঠানটোত 'উত্তৰ-পূব ভাৰতত আনটেপড পটেনচিয়েলৰ পুনৰ আৱিষ্কাৰৰ দ্বাৰা পৰ্যটনৰ পুনৰ উদ্ভাৱন' শীৰ্ষক বিষয়বস্তুৰ ওপৰত আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।
এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল হৈছে নগালেণ্ডৰ পৰ্যটন বিভাগৰ সঞ্চালক আৰু অতিৰিক্ত সঞ্চালক স্মতি কেদুইছ’ মেথা আৰু ভি ডুওলো, অসমৰ পৰ্যটন বিভাগৰ উপ-সঞ্চালক ইমন চৌধুৰী আৰু সহকাৰী তথ্য বিষয়া গৌতম গগৈ, অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগৰ সঞ্চালক কে এন দামো, পেমা ডোমা ভুটিয়া আৰু শ্বেৰিং ডোমা, পৰ্যটন বিষয়া আৰু জ্যেষ্ঠ তথ্য সহায়ক । লগতে পৰ্যটন তথ্য কাৰ্যালয়, টাৱাঙৰ বিষয়াসকল উপস্থিত থাকে ।
সদৌ অৰুণাচল প্ৰদেশ পাব্লিক ট্ৰেন্সপ’ৰ্ট ফেডাৰেচন, মেঘালয়ৰ ট্যুৰ অপাৰেটৰ এছ’চিয়েচন, ট্ৰেভেল এজেণ্ট এছ’চিয়েচন অব ছিকিম (টিএএএছ), ত্ৰিপুৰা পৰ্যটন উন্নয়ন মঞ্চ আৰু নাগালেণ্ড এছ’চিয়েচন অব ট্যুৰ অপাৰেটৰকে ধৰি বিভিন্ন পৰ্যটন সম্পৰ্কীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে । তেজপুৰ আৰু গুৱাহাটীৰ হোটেলৰ মালিক আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু মিজোৰামৰ সাংস্কৃতিক গোটেও ইয়াত যোগদান কৰে ।