অসম

assam

By

Published : Jan 6, 2021, 4:17 PM IST

Updated : Jan 6, 2021, 5:01 PM IST

ETV Bharat / state

জুক' ভেলীৰ বন জুই: নিৰ্বাপনৰ বাবে যোৱা এনডিআৰএফ কৰ্মীৰ মৃত্যু

জুক' ভেলীৰ জুই নিৰ্বাপনৰ দায়িত্বত থকা এনডিআৰএফৰ অতিৰিক্ত উপ পৰিদৰ্শকৰ মৃত্যু ৷ পূব মণিপুৰৰ অগ্নি নিৰ্বাপন ক্ষেত্ৰৰ দায়িত্বত থকা মণিপুৰৰ নিৱাসী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ অতিৰিক্ত উপ পৰিদৰ্শক নগৎসম্বাম বিনয় মিইতেইৰ মৃত্যু ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী ইববী সিঙে প্ৰকাশ কৰিছে এই কথা ৷ এই মুহূৰ্তলৈকে বিষয়াগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

ndrf personnel engaged in extinguishing wildfire at dzukou valley died
জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে যোৱা এনডিআৰএফৰ অতিৰিক্ত উপ পৰিদৰ্শকৰ মৃত্যু

তেজপুৰ, 6 জানুৱাৰী:নাগালেণ্ড আৰু মণিপুৰ সীমান্ততজুক' ভেলীৰ অগ্নি নিৰ্বাপনৰ বাবে প্ৰচেষ্টা অব্যাহত থকাৰ মাজতে অগ্নি নিৰ্বাপনৰ দায়িত্বত নিয়োজিত এগৰাকী এনডিআৰএফ জোৱানে মৃত্যুক সাৱটি লৈছে ৷ ভাৰতীয় বায়ুসেনাৰ সহযোগত জুই নিৰ্বাপনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকাৰ পাছতো এতিয়ালৈকে জুই নিৰ্বাপন নোহোৱাত মণিপুৰৰ লগতে নাগালেণ্ড চৰকাৰ চিন্তিত হৈ পৰিছে ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী সিঙ উপ পৰিদৰ্শক গৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে

মঙলবাৰে নিশা মণিপুৰৰ মুখ্যমন্ত্ৰী ইববী সিঙে প্ৰকাশ কৰা খবৰ অনুসৰি জুক' ভেলীৰ অগ্নি নিৰ্বাপনৰ দায়িত্বত থকা মণিপুৰৰ নিৱাসী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ (এনডিআৰএফ) ৰ অতিৰিক্ত উপ পৰিদৰ্শক নগৎসম্বাম বিনয় মিইতেই য়ে ঘটনাস্থলীতে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লৈছে ৷

জানিব পৰা মতে অতিৰিক্ত উপ পৰিদৰ্শক গৰাকী এনডিআৰএফৰ 12 নং বেটেলিয়নৰ আৰু মণিপুৰৰ ইষ্টত কৰ্মৰত আছিল আৰু এই মুহূৰ্তলৈকে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী ইববি সিঙে উপ পৰিদৰ্শক গৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে ৷

অতিৰিক্ত উপ পৰিদৰ্শক গৰাকী এনডিআৰএফৰ 12 নং বেটেলিয়নৰ আৰু মণিপুৰৰ ইষ্টত কৰ্মৰত আছিল

উল্লেখ্য যে বিগত 6 দিন ধৰি মণিপুৰ আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰে নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী এলেকাত জুক' ভেলীৰ অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । বায়ুসেনাৰ ইষ্টাৰ্ণ কামণ্ডৰ তথ্য মতে জুক' ভেলীৰ জুই এতিয়া অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে আৰু বুধবাৰে পুনৰ জুই নিৰ্বাপনৰ বাবে বায়ুসেনাৰ Mi17V5 হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয় ৷

জানিব পৰা মতে মণিপুৰ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী পৰ্যটন অঞ্চল জুক' ভেলীত বিগত 30 ডিচেম্বৰত বনজুই সূত্ৰপাত হৈ মুহূৰ্ততে এক ভয়াবহ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ পাছতে নাগালেণ্ড চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সহায় বিচৰাৰ পাছত 1 জানুৱাৰীৰ নিশা বায়ুসেনাৰ Mi 17 V5 আৰু A C-130J হাৰকেলিউছ বিমানেৰে 9 টন অগ্নি নিৰ্বাপন সামগ্ৰী আৰু 48 গৰাকীক এনডিআৰএফ ৰ লোকক ডিমাপুৰত এয়াৰ লিফ্ট কৰি অগ্নি নিৰ্বাপনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে শুকান গছ পাত আৰু বতাহৰ বাবে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷

অগ্নিকাণ্ডৰ ফলত ক্ষয় ক্ষতিৰ পৰিমাণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ" পানৰ যথেষ্ট সংখ্যক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:জুক’ ভেলীৰ বনজুইত মৃত্যু নাগালেণ্ডৰ ৰাজ্যিক চৰাই ট্ৰাগ’পানৰ

Last Updated : Jan 6, 2021, 5:01 PM IST

ABOUT THE AUTHOR

...view details