অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ উদ্যোগত ক’ৰণাৰ বিৰুদ্ধে সজাগতা - সজাগতাৰ অভাব দেখা গৈছে

ৰাজ্যত ক’ৰণা মহামাৰীৰ আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে যদিও একাংশ লোকৰ মাজত এতিয়াও সজাগতাৰ অভাৱ দেখা যায় ৷ সেয়েহে শনিবাৰে তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা স্থানত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল ।

NDRF Covid- 19 awernes at tazpur
তেজপুৰত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

By

Published : Oct 23, 2020, 7:45 PM IST

তেজপুৰ,২৩ অক্টোবৰঃ ক’ৰণাৰ সজাগতাৰ বাবে নেচনেল ডিচেষ্টাৰ ৰেচপঞ্চছ ফৰ্চ চমুকৈ এন.ডি.আৰ.এফয়ে শনিবাৰে তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হ’ল।

তেজপুৰত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

উল্লেখযোগ্য যে, 12 নং এই ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ 12 জনীয়া এটা দলে তেজপুৰ চহৰৰ চৰকাৰী বাছ আস্থানত যাত্ৰীক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷

তেজপুৰত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি
আনহাতে তেজপুৰ মিছন চাৰিআলিৰত বিভিন্ন যান বাহন বিশেষকৈ যাত্ৰীবাহী বাহনত যাত্ৰীক হেণ্ড চেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰাৰ লগতে প্ৰত্যেক গৰাকী লোককে সামাজিক ব্যৱধান মানি চলিবলৈ পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়।
তেজপুৰত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

বিভাগৰ উপ পৰিদৰ্শক ৱাই খিবা সিঙে জনসাধাৰণৰ মাজত স্বচ্ছতাৰ আৰু ক’ভিড-19 প্ৰটক’লৰ শপত বাক্যও পাঠ কৰোৱায় ।

লগতে পঢ়কঃদীৰ্ঘ বিৰতিয়ে আত্মনিৰীক্ষণ কৰাত সহায় কৰিছে সুস্মিতা সেনক

ABOUT THE AUTHOR

...view details