অসম

assam

ETV Bharat / state

NDFB(S)ৰ অস্ত্ৰ সম্বৰণঃ কি চৰ্তত মান্তি হ'ল আলোচনাত বহিবলৈ ! - মূল সুঁতিলৈ ঘূৰি আহিল NDFB সংবিজিত গোট

কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শনিবাৰে সংগঠনটোৰ অধ্যক্ষ চাউৰাগৌৰা, তেওঁৰ পৰিয়ালক নিৰাপত্তাৰক্ষীৰ এটা দলৰ স'তে ভাৰতৰ মণিপুৰৰ তামুট ম্যানমাৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি এক বিশেষ স্থানত ৰখা হৈছে । মুঠ ৫০ জনীয়া সদস্যৰ দলটো নাগালেণ্ডত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষী সকলৰ মাজত আবদ্ধ হৈ আছে ।

NDFB(S) অস্ত্ৰ সম্বৰণ
NDFB(S) অস্ত্ৰ সম্বৰণ

By

Published : Jan 13, 2020, 6:29 PM IST

Updated : Jan 13, 2020, 8:16 PM IST

তেজপুৰ,১৩ জানুৱাৰী: বি টি এ ডিত স্থায়ী শান্তি স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শেহতীয়াকৈ নেচনেল ডেমিক্ৰেটি ফ্ৰণ্ট অব বড়োলেণ্ড চাউৰাগৌৰা নেতৃত্বাধীন এন ডি এফ বি (এছ)ৰ এটা গোটক চুবুৰীয়া দেশম্যানমাৰৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ইতিমধ্যে ১২ জানুৱাৰীত এই গোটৰ তিনিজন নেতৃত্বই বিশেষ চাৰ্টাৰ বিমানযোগে গুৱাহাটীৰ পৰা নতুন দিল্লীত উপস্থিত হৈছে। কোন এই শীৰ্ষ তিনিজন ?

কেন্দ্ৰীয় চৰকাৰৰ লগতশান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শনিবাৰে সংগঠনটোৰ অধ্যক্ষ চাউৰাগৌৰা, তেওঁৰ পৰিয়ালক নিৰাপত্তাৰক্ষীৰ এটা দলৰ স'তে ভাৰতৰ মণিপুৰৰ তামুট ম্যানমাৰ আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি এক বিশেষ স্থানত ৰখা হৈছে । মুঠ ৫০ জনীয়া সদস্যৰ দলটো নাগালেণ্ডত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীসকলৰ মাজত আবদ্ধ হৈ আছে ।

আনহাতে এই সমগ্ৰ বিষয়ত বি টি এ ডিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এন ডি এফ বি ৰ নেতা ধীৰেন বড়োৰ নেতৃত্বত যি খন চুক্তি স্বাক্ষৰ হ'ব তাত এন ডি এফ বি ৰ বিভিন্ন গোটৰ নেতাসকল ক্ৰমে ৰঞ্জন দৈমাৰী, বি চাউৰাগৌৰা, বি বিদায় আৰু বৰ্তমান শান্তি আলোচনাত থকা প্ৰগতিশীল গোটৰ গোবিন্দ বাসুমতাৰী আদি সকলোৱে স্বাক্ষৰ কৰিব ।

মূল সুঁতিলৈ ঘূৰি আহিল NDFB(S) গোট

উল্লেখযোগ্য যে, প্ৰগ্ৰেচীব গোটৰ গোবিন্দ বাসুমতাৰীয়ে ইটিভি ভাৰতৰ লগত টেলিফোনযোগে হোৱা সাক্ষাৎকাৰাত কয় যে, কোনো উগ্ৰপন্থীগোটে আত্মসমৰ্পণ কৰি আলোচনা মাজলৈ অহাতো দুৰ্ভাগ্যজনক । তেওঁলোকে আত্মসমৰ্পণ কৰিছে যদিও বৃহৎ শান্তি শৃংখলাৰ স্বাৰ্থত ই জৰুৰী । আত্মসমৰ্পণ অপমান সূচক, কিন্তু মানৱীয় দৃষ্টিৰে আদৰণি জনাইছো । বোমেৰাং হোৱাৰ প্ৰশ্ন অহা নাই কিয়নো আলোচনা চলি আছে , নতুন কৈ অহালোকৰ ক্ষেত্ৰত ই সুকীয়া কিয়নো আত্মসমৰ্পণ কৰা লোকৰ লগত চৰকাৰে শান্তি আলোচনা নকৰে বুলি মন্তব্য কৰে এন ডি এফ বি ৰ প্ৰগতিশীল গোটৰ সভাপতি গোবিন্দ বাসুমতাৰীয়ে ৷

ভাৰতীয় চোৰাং চোৱাৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে মূলসুঁতিলৈ ঘূৰি অহা সদস্যসকলক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা প্ৰকট । আনহাতে এই প্ৰত্যাৱৰ্তনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জি অ চি ইন চি অনিল চৌহান ভাৰত ম্যানমাৰ সীমান্ত নাগালেণ্ড ভ্ৰমণ কৰিছিল , আৰু এই ভ্ৰমণৰ সমগ্ৰ দিশটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছিল ।

লগতে পঢ়ক: প্ৰস্তাৱিত এনডিএফবি চুক্তিক লৈ দুদূল্যমান পৰিস্থিতি


Last Updated : Jan 13, 2020, 8:16 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details