তেজপুৰ, ২০ এপ্ৰিল: তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে অহা ২১ এপ্ৰিলত ৰাষ্ট্ৰীয় জনসংযোগ দিৱস উদযাপন কৰাৰ উদ্দেশ্যে "প্ৰভা " শীৰ্ষক বিশেষ অনুষ্ঠান আয়োজন কৰিছে । ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনসংযোগ আৰু যোগাযোগৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা (National Public Relations Day)।
ভাৰতীয় জনসংযোগ ছ’চাইটিৰ (Public Relations Society of India) বিষয়বস্তুৰ আধাৰত “জি-২০ আৰু ভাৰতীয় মূল্যবোধ: জনসংযোগৰ দৃষ্টিভংগী” ক এই অনুষ্ঠানৰ বিষয়বস্তু হিচাপে বাছি লোৱা হৈছে । এই অনুষ্ঠানটোত বিষয়ভিত্তিক অধিবেশন আৰু পেনেল আলোচনা, জনসংযোগৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ ভাষণৰ লগতে বিভাগীয় প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ উপৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব (National Public Relations Day in TU)।
অনুষ্ঠানটোৰ সন্দৰ্ভত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অভিজিৎ বৰাই কয়, ‘‘প্ৰভাৰ জৰিয়তে ৰাষ্ট্ৰীয় জনসংযোগ দিৱস উদযাপন কৰিবলৈ পাই আমি উৎফুল্লিত হৈছোঁ ৷ য’ত জনসংযোগৰ ক্ষেত্ৰখনত কৰ্মৰতসকলক একত্ৰিত কৰি ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হ’ব । এই অনুষ্ঠানে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন জনসংযোগ অনুশীলনকাৰী সকলৰ সৈতে মত বিনিময় আৰু অন্তৰ্দৃষ্টি লাভ কৰাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব ।”