অসম

assam

By

Published : Mar 20, 2023, 9:00 PM IST

ETV Bharat / state

Fraud in online apps: অনলাইন এপচত প্ৰৱঞ্চনা: সৰৱ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া, ম'বাইল গেম শ্ব’ আনকি টিভিতো গেমৰ বিভিন্ন বিজ্ঞাপন বহু সময়ত দেখা যায়। এই এপসমূহ কাৰো উন্নতিৰ বাবে নহয় বৰঞ্চ বিশেষকৈ যুৱ সমাজক ধ্বংসৰ দিশে আগুৱাই নিছে বুলি মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে (President NHRCCB Assam) ।

Fraud in online apps
অনলাইন এপচৰে চাকৰি-খণ-গেমৰ প্ৰৱঞ্চনা:সৰৱ NHRCCB

তেজপুৰ, 20 মাৰ্চ: সমাজৰ সকলো স্তৰৰ লোকৰ মাজত বহুল প্ৰচলিত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ বৰ্তমান দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ল'ৰাৰ পৰা বুঢ়ালৈ, বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰায় সকলোৱেই এতিয়া ছ’চিয়েল মিডিয়াৰ নিচাত আসক্ত ৷ বৰ্তমান মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগত পৰিণত হৈ পৰিছে ছ’চিয়েল মিডিয়া (Impact of social media on society) ৷

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া, ম'বাইল গেম শ্ব’ আনকি টিভিতো গেমৰ বিভিন্ন বিজ্ঞাপন বহু সময়ত দেখা যায় । সহজেই প্ৰলোভিত কৰিব পৰা এই বিজ্ঞাপনৰ মোহত সাধাৰণ মানুহ আবদ্ধ হৈ পৰাটো পৰিলক্ষিত হয় (Fraud in online apps)।

এই এপসমূহ কাৰো উন্নতিৰ বাবে নহয় বৰঞ্চ বিশেষকৈ যুৱ সমাজক ধ্বংসৰ দিশে আগুৱাই নিছে বুলি মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে । ব্যাপক পাৰ্শ্বক্ৰিয়া অথবা বহুল চৰ্চা নোহোৱাৰ বাবে জনসাধাৰণে এই ক্ষেত্ৰত মনোনিবেশ নকৰাটো চিন্তাৰ বিষয় বুলি গণ্য কৰিছে সংস্থাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে (Nishant Thard State President NHRCCB Assam) ।

সংস্থাই উল্লেখ কৰে যে যদিও দেশৰ বৃহৎ অৰ্থনীতিত ৰাগিয়াল দ্ৰব্যৰ অৱদান আছে, তথাপিও সুৰাৰ অপকাৰ সম্পৰ্কে সকলোৱে জানে। ইয়াৰ পিছতো কোনেও প্ৰতিবাদ কৰা দেখা নাযায়। চিগাৰেট, ধঁপাত, গুটখা জাতীয় পেকেট আদিৰ এফালে বিধিগত সতৰ্কবাণী আৰু আনফালে বিভিন্ন মাধ্যমত বিজ্ঞাপন; তাৰ মাজতে গ্ৰাহক সকলক জাগ্ৰত কৰাৰ কথাও উল্লেখ হয়। তেনে পৰিস্থিতিত সাধাৰণ ৰাইজ বিভ্ৰান্ত হয় (Online Game Fraud) ৷

আজিকালি ঋণ অথবা চাকৰি সম্পৰ্কীয় সকলো ক্ষেত্ৰতে একে ব্যৱস্থা ৷ খণ এপৰ জড়িয়তে গ্ৰাহকক ঋণ প্ৰদান কৰা হয় আৰু ইয়াৰ বাবে ম'বাইলত সকলো তথ্য লোৱা হয় ৷ তাৰ পিছতো মঞ্জুৰ কৰা ধনখিনি নাপায় গ্ৰাহকে ৷ অতি কম দিনৰ ভিতৰতে ঋণ লোৱা ধনৰ বহুগুণ বেছি সুদ সহ পৰিশোধ কৰিব লগা হয়, অন্যথা লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰে গ্ৰাহক সকল। তথাপিতো এই এপচ সমূহ সাধাৰণ লোকে ব্যৱহাৰ কৰি আহিছে (Job fraud in online apps)।

একেদৰেই চাকৰিৰ লগত জড়িত বহুতো প্ৰৱঞ্চনা কৰা এপচৰ বৰ্তমান পয়োভৰ ঘটিছে। শেহতীয়া ভাৱে চাকৰিৰ অজুহাতত শিক্ষিত নিবনুৱাক বিপথে পৰিচালিত কৰা তথ্য পোহৰলৈ আহিছে। ঠিক তেনেদৰেই অনলাইন গেমবোৰত ধনৰ ব্যৱহাৰ হোৱা দেখা যায়। জুৱা সদৃশ এই খেলক বেয়া বুলি জানিও যুৱ সমাজ ইয়াৰ চিকাৰ হৈ পৰিছে।

এই বিষয়টি অতি গুৰুত্ব সহকাৰে বিবেচনা কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ ৰাজ্যিক সভাপতি নিশান্ত থৰ্ডে। সংস্থাৰ ৰাজ্যিক সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথে কাকতলৈ প্ৰেৰণ কৰা বিবৃতিটোত প্ৰকাশ কৰে যে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ব্যৱস্থা ৰোধ কৰাৰ ক্ষেত্ৰত সৰৱ ভূমিকা গ্ৰহণ কৰিব সংস্থাটোৱে।

সভাপতি গৰাকীয়ে জনোৱা মতে সমগ্ৰ অসমৰ বাহিৰেও ভাৰতৰ অন্যান্য ৰাজ্য সমূহকো এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ জনোৱা হ'ব। যুৱ প্ৰজন্মক এই প্ৰৱণতাৰ পৰা, প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবৰ বাবে জনসাধাৰণৰ সজাগতামূলক সহায়ৰ প্ৰয়োজন বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ বাবে ৰাজ্যিক, জিলা আৰু ব্লক পৰ্যায়ত সজাগতা সৃষ্টিৰ প্ৰচেষ্টাও চলোৱা হ'ব বুলিও সংস্থাৰ ফালৰ পৰা জানিবলৈ দিছে (NHRCCB Assam) ৷

লগতে পঢ়ক:Budget session: ৰাহুল গান্ধীৰ বক্তব্যক লৈ উত্তাল হৈ পৰিছে দুয়োখন সদন

ABOUT THE AUTHOR

...view details