তেজপুৰ,১১ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই শুকুৰবাৰে বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস পালন কৰে । এই শ্বহীদ দিৱসত দেশৰ পৰিবেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে নিয়োজিত সময়ত প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সেই শ্বহীদ সকলৰ পৰিয়ালৰ লোকৰ লগত ভিডিঅ কংফাৰেন্সিংৰ জৰিয়তে বাৰ্তালাপ কৰি মত বিনিময় কৰে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন - দেশৰ পৰিবেশ আৰু বন মন্ত্ৰী
বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে নিয়োজিত সময়ত প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন
আনহাতে ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া কৰ্মচাৰী সকলে ৰাষ্ট্ৰীয় উদ্যানত বন্তি প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইপিনে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এগৰাকী শ্বহীদৰ পুত্ৰ বিকুদৰ বৰুৱাৰ লগত কেন্দ্ৰীয় মন্ত্ৰী জাভেদকাৰে মত বিনিময় কৰে ।
উল্লেখযোগ্য যে,বিগত সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যানৰ সুৰাক্ষৰ ক্ষেত্ৰত প্ৰাণ আহুতি দিয়া বন কৰ্মী সকলৰ এখন নাম ফলকো ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্যালয়ৰ ভিতৰত নথকাটো শ্বহীদ পৰিয়ালৰ লোকে আক্ষেপ প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে ।