অসম

assam

ETV Bharat / state

National Conference of WAPR IC: তেজপুৰত ৰাষ্ট্ৰীয় WAPRIC ৰ সন্মিলন সম্পন্ন - National Conference of WAPR IC in Tezpur

তেজপুৰ এল জি বি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত সপ্তম ৰাষ্ট্ৰীয় WAPR ICৰ সন্মিলন সম্পন্ন । ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় তিনিখন আলোচনা চক্ৰ ।

National Conference of WAPR IC in Tezpur
সপ্তম ৰাষ্ট্ৰীয় WAPR ICৰ সন্মিলন

By

Published : Mar 22, 2023, 9:42 PM IST

তেজপুৰ, ২২ মাৰ্চ :তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত For Psychosocial Rehabilitation Indian Chapter(WAPR IC)ৰ সপ্তম ৰাষ্ট্ৰীয় সন্মিলনখন যোৱা ১৭ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় (National Conference of WAPR IC in Tezpur)। এই সন্মিলনখনত ২৫৭ গৰাকী বিশিষ্ট চিকিৎসকে অংশগ্ৰহণ কৰে । ছাইকিয়াট্ৰি, চাইকিয়াট্ৰিক ছ’চিয়েল ৱৰ্ক, ক্লিনিকেল চাইক’লজি, চাইকিয়াট্ৰিক নাৰ্ছিং আৰু এনজিঅ’ৰ ৩৫গৰাকী সমল ব্যক্তিয়েও বৈজ্ঞানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

এই সন্মিলনৰ আৰম্ভণিতে মানসিক স্বাস্থ্য আৰু ইয়াৰ সংশ্লিষ্ট শাখাসমূহৰ বিভিন্ন ক্ষেত্ৰৰ অংশগ্ৰহণকাৰীৰ পঞ্জীয়ন কৰা হয় । কাৰ্যসূচীৰ প্ৰথমাৰ্ধত দুখন অধিবেশন আৰু তিনিখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনাত ডাঃ ভিকে ৰাধাকৃষ্ণন, ডাঃমুৰালী থাইলথ আৰু আমেৰিকাৰ প্ৰাপ্তবয়স্ক মানসিক স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ আলেকজেণ্ডাৰ স্মিথয়ে অংশগ্ৰহণ কৰে । এছ চি আৰ এফৰ গৱেষণাৰ অধ্যক্ষ ড৹ আৰ থাৰাই "প্ৰয়াত অধ্যাপক এম চাৰাদা মেনন-এ লেগেচি ইন চাইকোছ’চিয়েল ৰিহেবিলিটেচন"ৰ ওপৰত এক বিশেষ বক্তৃতা প্ৰদান কৰে ।

আনহাতে, ভাৰতত মনোসামাজিক পুনৰ্বাসনৰ বিভিন্ন আৰ্হিৰ বিষয়বস্তুৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনাত ড৹ চি ৰামাসুব্ৰমণিয়ান, ডাঃ শশী ৰায়, ড৹ আৰ পদ্মৱতীয়ে বিভিন্ন শিতানত আলোচনা কৰে । ইয়াৰ পিছতেই "উত্তৰ-পূব ভাৰতত পুনৰ্বাসন" শীৰ্ষক দ্বিতীয়খন আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰত মিন্টু মনি শৰ্মা, ডাঃ নীলেশ মোহিতে আৰু ডাঃৰাজকুমাৰ লেনিন সিঙে অংশগ্ৰহণ কৰে ।

মনোৰোগ বিশেষজ্ঞ ডাঃ জি স্বামীনাথে ‘মানসিক ৰোগত আক্ৰান্ত গৃহহীন ব্যক্তিৰ পুনৰ্বাসন’ শীৰ্ষক তৃতীয় অধিবেশন ভাষণ প্ৰদান কৰে (Rehabilitation of homeless persons suffering from mental illness)। ডাঃ ভাৰত বাটৱানী, অঞ্জনা গোস্বামীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেজপুৰ এল জি বি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অডিটৰিয়ামত আয়োজিত WAPR-ICৰ সপ্তম ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে এলজিবিআৰআইএমএইচৰ সঞ্চালক এছ কেই । ডাঃ গেব্ৰিয়েল ৰ’কা, ডাঃ ভি কে ৰাধাকৃষ্ণণে এই সন্মিলনত ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক:Minister Piyush Hazarika in Baihata: মথাউৰি পৰিদৰ্শন কৰিবলৈ বাইহাটাত মন্ত্ৰী পীযুষ হাজৰীকা

For All Latest Updates

ABOUT THE AUTHOR

...view details