তেজপুৰ,৩১ জুলাই: আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ তেজপুৰ চহৰৰ বিভিন্ন ঠাইত পুৱাৰে পৰা আয়োজন কৰা হয় বহুকেইটা অনুষ্ঠান । অৱশেষত নটসূৰ্যৰ সমাধিৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে সমাধিস্থলিতে ঘোষণা কৰিলে এক কোটি টকা ।জিলা উপায়ুক্ত নৰসিং পৱাৰে শৰ্মাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই ঘোষণা কৰে যে নগৰ আন্তঃ গাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে সমাধিৰ উন্নয়নৰ বাবে 1 কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰ প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ দিয়া হৈছে৷ তেজপুৰ বান থিয়েটাৰ , তেজপুৰ সাহিত্য সভাই নটসূৰ্যৰ মূৰ্তিত এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
আজি নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকী - নটসূৰ্যৰ সমাধি
নটসূৰ্য ফণী শৰ্মাৰ 49 সংখ্যক মৃত্যু বাৰ্ষিকীৰ দিনটোত নটসূৰ্যৰ সমাধিৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে সমাধিস্থলিতে ঘোষণা কৰিলে 1 কোটি টকা
শোণিতপুৰ জিলা প্ৰশাসনেও সমাধিস্থলিত এক বিশেষ অনুষ্ঠান আয়োজনৰে মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় । তেজপুৰ বান থিয়েটাৰ ,তেজপুৰ সাহিত্য সভায়ো মৃত্যুৰ দিনটোত সোঁৱৰণি জনাই শিল্পীগৰাকীক । বিশিষ্ট নাট্যকাৰ মৃগেন বৰাই ফণী শৰ্মাৰ কালজয়ী নাটক "ভোগজৰা"ৰ সংলাপ আওৰাই শিল্পীগৰাকীক স্মৰণ কৰে । আনহাতে ফণী শৰ্মাৰ স্মৃতিত অসম ৰেপাৰটেৰীয়ে পুলক কুমাৰ ডেকাই ৰচনা কৰা এটি দৃশ্য শ্ৰব্য গীত মুকলি কৰে । ফণী শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজিত শৰ্মাৰ লগতে নাটসূৰ্যৰ তিনি ভগ্নী আৰু পৰিয়ালৰ সকলোৱে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।