অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী মিছলীয়াঃ ভানু

কংগ্ৰেছৰ মূল লক্ষ্য হব নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু উন্নয়ন

তেজপুৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী MGK BHANU ৰ প্ৰধান মন্ত্ৰীক মিছলীয়া আখ্যা

By

Published : Mar 19, 2019, 11:36 PM IST


তেজপুৰ,19 মাৰ্চঃ তেজপুৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম চৰকাৰৰ প্ৰাক্তন আমোলা এম জি ভি কে ভানুই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক মিছলীয়া বুলি মন্তব্য কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশী অনুপ্ৰৱেশক আনিবলৈ খুজিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷

তেজপুৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী MGK BHANU ৰ প্ৰধান মন্ত্ৰীক মিছলীয়া আখ্যা

বিগত বিধান সভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে বাংলাদেশী অনুপ্ৰৱেশ কাৰীয়ে তালি টোপোলা বান্ধি যাব লাগিব বুলি নিৰ্বাচনী সভাত জনসাধাৰণৰ আগত মিছা ভাষণ দি ক্ষমতা লৈ আহিছিল ৷ কিন্তু এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশীক আনিবলৈ খুজিছে বুলি মন্তব্য দিয়ে ভানুই । কেৱল মিছাৰ আশ্ৰয় লোৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে পাঁচ বছৰ ধৰি ৰাইজক কেৱল প্ৰতাৰণাৰে আভুৱা ভৰি আহিছে ৰাইজক এই মন্তব্য কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ ।
সাংবাদিকৰ প্ৰশ্নত ভানুই কয় যে কংগ্ৰেছৰ মূল লক্ষ্য হব নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাজ্যত সমুহীয়া উন্নয়ন সাধন কৰা৷

For All Latest Updates

ABOUT THE AUTHOR

...view details