তেজপুৰ, ১১ মাৰ্চ : ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত ষষ্ঠ বাৰ্ষিক শিৰিষ মহোৎসৱৰ ব্যাপক আয়োজন। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাগিচাখনত অনুষ্ঠিত হ'ব ষষ্ঠ বাৰ্ৰ্ষিক শিৰিষ মহোৎসৱ।
বাৰ্ষিক শিৰিষ মহোৎসৱলৈ সাজু নাহৰণি চাহ বাগিচা
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাগিচাখনত অনুষ্ঠিত হ'ব ষষ্ঠ বাৰ্ৰ্ষিক শিৰিষ মহোৎসৱ।
etv bharat
এ পি পি এল ফাউণ্ডেশ্বনৰ উদ্যোগত ১৬ আৰু ১৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মহোৎসৱত অংশগ্ৰহণ কৰিব অসম তথা পশ্চিম বংগৰ বিভিন্ন প্ৰতিযোগীয়ে। অসমত বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলৰ কলা সংস্কৃতিৰ উত্তৰণৰ বাবে প্ৰত্যেক বছৰেই শিৰিষ মহোৎসৱ উদযাপন কৰি আহিছে এ পি পি এল ফাউণ্ডেশ্বনে। চলিত বৰ্ষতো সদৌ অসম ভিত্তিত লোকনৃত্যৰ সন্মিলন, বাৰে ৰহনীয়া সাংস্কৃতিক সন্ধিয়া, ৰং মেলা ইত্যাদি বিভিন্ন কাৰ্যসূচী এই মহোৎসৱৰ অন্তৰ্ভুক্ত কৰিছে আয়োজকসকলে।