অসম

assam

ETV Bharat / state

কেতিয়া নিৰ্বাপিত হ’ব নাগালেণ্ড জুক’ ভেলীৰ বনজুই ? - নাগালেণ্ডৰ জকু' ভেলীৰ বন জুই

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে প্ৰকৃতিৰ ৰম্যভূমি নাগালেণ্ডৰ জুক' ভেলীৰ বন জুই । বিগত ৯ দিন ধৰি জ্বলি থকা জুয়ে শুক্ৰবাৰে নতুন স্থান আগুৰি লোৱা পৰিলক্ষিত হোৱা নাই । এই কথা প্ৰকাশ কৰিছে নাগালেণ্ডৰ গৃহ বিভাগে ।

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে জকু' ভেলীৰ বন জুই
ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে জকু' ভেলীৰ বন জুই

By

Published : Jan 8, 2021, 6:53 PM IST

Updated : Jan 9, 2021, 11:59 AM IST

তেজপুৰ, ৮ জানুৱাৰী: ইষ্টাৰ্ণ কামাণ্ডৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনায় যে অহা কালি শনিবাৰে পুনৰ বায়ুসেনাৰ Mi 17 V5 হেলিকপ্টাৰ জুক’ ভেলীত ব্যৱহাৰ কৰা হ'ব । সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ নাগালেণ্ডৰ জুক' ভেলীৰ গছ-বন এফালৰ পৰা পুৰি নিছে বন জুয়ে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ,বায়ু সেনা,নাগালেণ্ডৰ আৰক্ষী,সেনা বাহিনীৰ সহযোগত অব্যাহত আছে অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা । বিগত 9 দিন ধৰি জ্বলি থকা জুই ক্ৰমান্বয়ে কমি আহিছে বুলি জানিবলৈ দিছে নাগালেণ্ডৰ গৃহ বিভাগৰ অ এছ ডি জন ৰোগামীয়ে । লগতে বন জুয়ে শুক্ৰবাৰে নতুন স্থান আগুৰি লোৱা নাই বুলিও জনাইছে বিষয়াগৰাকীয়ে । আনহাতে শুক্ৰবাৰে পুনৰ অগ্নি নিৰ্বাপনৰ বাবে বায়ু সেনাৰ 4 খন হেলিকপ্টাৰ প্ৰয়োগ কৰা হয় ।

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে জকু' ভেলীৰ বন জুই

বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে জনায় যে,বুধবাৰে নাগালেণ্ডৰ যেখামা অঞ্চলৰ পৰা বায়ু সেনাৰ হেলিকপ্টাৰযোগে 3310 কেজি জুই নিৰ্বাপন কৰা সামগ্ৰী জুক' ভেলীত অৱতৰণ কৰা হয় । এই সামগ্ৰীৰ জৰিয়তে বৃহস্পতিবাৰে এনডিআৰএফে পুনৰ অভিযান আৰম্ভ কৰে আৰু ফলস্বৰূপে শুক্ৰবাৰে জুই কিছু পৰিমাণ হ্ৰাস পায় । লগতে তেওঁ কয় যে,বুধবাৰে কোবাল বতাহৰ বাবে জুক' ভেলীৰ বন জুই অন্য অঞ্চলৰ ফালে ধাৱমান হৈছিল । জুক' ভেলী নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত । মণিপুৰৰ চৰকাৰেও অগ্নি নিৰ্বাপন কৰাৰ বাবে এনডিআৰএফ আৰু আৰক্ষীৰ লোক নিয়োগ কৰিছিল ।

বৰ্তমানে আটাইকেইটা বাহিনীয়ে বনাঞ্চলৰ ভিতৰতে অৱস্থান কৰি আছে বুলি জানিবলৈ দিয়ে মণিপুৰৰ সেনাপতি জিলাৰ এগৰাকী শীৰ্ষ বন বিষয়াই । উল্লেখ্য যে, এই অভিযানত এক বৃহৎ সংখ্যক ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ, নাগালেণ্ডৰ আৰক্ষী, স্থল সেনা, বায়ু সেনা, আছাম ৰাইফলছ আৰু চাই অংগমাই নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাই চেষ্টা অব্যাহত ৰাখিছে বুলি নাগালেণ্ডৰ গৃহ বিভাগে জনাইছে ।

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে জকু' ভেলীৰ বন জুই

তেওঁ কয় যে, এছডিআৰএফৰ 7 টা কোম্পানীৰ 300 জোৱান নিয়োজিত হৈছে । আনহাতে,বন বিভাগৰ লোকে বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে ড্ৰ’ণৰ সহায়ত বনাঞ্চলখনৰ বুজ লোৱাৰ কথা চিন্তা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে । নাগালেণ্ডৰ জুক' ভেলীত Mi 17 V5 হেলিকপ্টাৰ ভাৰতীয় বায়ুসেনাই একেৰাহে ব্যৱহাৰ কৰি আছে বুলি জনাইছে ইষ্টাৰ্ণ কামণ্ডৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ।

ইয়াৰ পূৰ্বে ডিমাপুৰ ৰঙাগড়া সেনা বাহিনীৰ শিবিৰৰ পৰা 30 কিলোমিটাৰ নিলগত Mi 17 V5 হেলিকপ্টাৰৰ জৰিয়তে বাম্বি বাকেত প্ৰয়োগ কৰা হৈছে অগ্নি নিৰ্বাপনৰ বাবে । আনহাতে স্থানীয় লোকৰ সহযোগিতাত এনডিআৰএফৰ দল যোৱা 9 দিন ধৰি উক্ত অঞ্চলত বাহৰ পাতি আছে । বায়ু সেনাৰ বাম্বি বাকেট পদ্ধতিৰে এবাৰত 3500 লিটাৰ পানী কঢ়িয়াই জ্বলি থকা স্থানত ঢালি থকা হৈছে আৰু এনেদৰে শুক্ৰবাৰৰ দিনটোত 4 খন হেলিকপ্টাৰ প্ৰয়োগ কৰা হয় ।

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে জকু' ভেলীৰ বন জুই

যোৱা 30 ডিচেম্বৰৰ পৰা এই অঞ্চলত বন জুইৰ সূত্ৰপাত হয় আৰু এক ভয়াৱহ ৰূপ ধাৰণ কৰে । ইয়াৰ পিছতে নাগালেণ্ডৰ চৰকাৰে ভাৰতীয় বায়ু সেনাৰ সহায় বিচাৰে আৰু 1 জানুৱাৰী নিশা বায়ুসেনাৰ Mi 17 V5 আৰু C-130J হাৰকিউলিছ বিমানৰে 9 টন অগ্নি নিৰ্বাপন সামগ্ৰী আৰু 48 জন এনডিআৰএফৰ লোকক গুৱাহাটীৰ পৰা ডিমাপুৰলৈ এয়াৰ লিফ্ট কৰি জুক' ভেলী অগ্নি নিৰ্বাপনৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে । বিগত দিনকেইটাত শুকান গছৰ পাত আৰু বতাহৰ গতিবেগ বৃদ্ধিৰ বাবে জুই নুমুওৱাত অসুবিধাৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক:বাৰ্ড ফ্লুঃ অসমলৈ ব্ৰইলাৰৰ আমদানি বন্ধৰ নিৰ্দেশ চৰকাৰৰ

Last Updated : Jan 9, 2021, 11:59 AM IST

ABOUT THE AUTHOR

...view details