অসম

assam

ETV Bharat / state

টামেংলঙত সেনাৰ নিৰ্মিত দলং উদ্বোধন মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ - সেনাৰ ছপীয়েৰ কৰ্পছ

মণিপুৰৰ টামেংলং জিলাৰ তোবাম গাঁৱৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ দলঙৰ বুধবাৰে শুভ উদ্বোধন কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে । সেনাৰ ছপীয়েৰ কৰ্পছে ২৭ দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিলে দলং খনৰ নিৰ্মাণ ৷

indian army
indian army

By

Published : Dec 2, 2020, 10:38 PM IST

তেজপুৰ,২ ডিচেম্বৰ :ভাৰতীয় সেনাই ২৭ দিনত সম্পূৰ্ণ কৰা মণিপুৰৰ টামেংলং জিলাৰ তোবাম গাঁৱৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ দলঙৰ বুধবাৰে শুভ উদ্বোধন কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে । যোৱা ১ নৱেম্বৰত এখন বালি ভৰ্তি ট্ৰাক এই দলং ভাঙি ইৰাং নদীত সোমাই পৰাত চালকজন থিতাতে মৃত্যু হৈছিল । এই দলংখন 37 নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ৰাজধানী ইম্ফল সংযোগী অতি জৰুৰী দলং ।

মণিপুৰৰ টামেঙলঙত সেনাৰ নিৰ্মিত দলং উদ্বোধন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

যাতায়তৰ বাবে প্ৰয়োজনীয়তা সাপেক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সেনাৰ ছপীয়েৰ কৰ্পছক দায়িত্ব দিয়াত যুদ্ধকালীন প্ৰস্তুতিৰে ২৭ দিনৰ ভিতৰতে সম্পূৰ্ণ কৰিলে নিৰ্মাণৰ কাম ৷ বুধবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অনুষ্ঠানিকভাবে ৰাইজৰ বাবে মুকলি কৰে দলংখন । তেওঁ সেনাৰ এই পদক্ষেপক প্ৰশংসা কৰে । সেনাৰ কাৰিকৰী বিভাগে বিগত ৯ নৱেম্বৰত এই দলংখন নিৰ্মাণৰ বাবে কাম হাতত লৈছিল ৷ উল্লেখ্য যে, সীমান্ত পথ সুৰক্ষা সংস্থা তেজপুৰে আৰু দুটা দিনত এখন বেইলি দলং সম্পূৰ্ণ কৰি কাষেৰে অহা-যোৱা কৰিবলৈ সুবিধা প্ৰদান কৰিছিল ।

লগতে পঢ়ক :সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস

ABOUT THE AUTHOR

...view details