তেজপুৰ, ২২ ফেব্ৰুৱাৰী :তেজপুৰ জাহাজঘাটত বৃহপতিবাৰে আহি উপস্থিত হ'ব বিশ্বৰ আটাইতকৈ দৈৰ্য্য দূৰত্বৰ অত্যাধুনিক নদী ক্ৰুজ এম ভি গংগা বিলাস (World longest distance river cruise) । অত্যাধুনিক নদী জাহাজখনত অহা বিদেশী পৰ্যটকসকলক আদৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে প্ৰস্তুতি তুংগত কৰি তুলিছে (MV Ganga Vilas will reached Tezpur) । বিদেশী পৰ্যটকসকলে তেজপুৰৰ ঐতিহাসিক ঠাইসমূহ পৰিদৰ্শন কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে পৰ্যটকৰ বাবে ব্যৱস্থা কৰিছে একোখনকৈ ই-ৰিক্সা । এই ৰিক্সাত উঠি বিদেশী পৰ্যটকৰ দলে পৰিদৰ্শন কৰিব তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণ আৰু চিত্ৰলেখা উদ্যান (MV Ganga Bilas in Assam) ।
চিত্ৰলেখা উদ্যানত জিলা প্ৰশাসনে পৰ্যটকৰ বাবে আয়োজন কৰা এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিব । তাৰ বাবে ইতিমধ্যে ন-ৰূপত সজাই তোলা হৈছে ঐতিহাসিক তেজপুৰ জাহাজঘাট । উল্লেখ্য, পূৰ্বে ১৯৮৭ চনলৈকে এই জাহাজঘাটৰ পৰা দৈনন্দিন ফেৰী সেৱা চলিছিল । তেজপুৰ চহৰৰ পৰা শিলঘাটলৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলিছিল এই ফেৰী সোৱা । ১৯৮৭ চনত কলিয়া ভোমোৰাৰ প্ৰথম দলংখন মুকলি কৰাৰ পিচত এই সেৱা বন্ধ হৈ পৰে আৰু বৰ্তমান ফেৰী সেৱা বুঢ়াচাপৰি আৰু লাওখোৱালৈকে প্ৰৱৰ্তন আছে ।
কিন্তু দুৰণিবটীয়া যাত্ৰীৰে এইবাৰ বহুদিনৰ মূৰত ব্ৰহ্মপুত্ৰ নদীৰে তেজপুৰত উপস্থিত হ'ব । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস ক্ৰুজৰ যাত্ৰা যোৱা ১৩ জানুৱাৰীত উদ্বোধন কৰিছিল । যোৱা ১৩ জানুৱাৰীত এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ভাৰত আৰু বাংলাদেশৰ 27 খন নদী প্ৰণালী পাৰ হৈ অসমৰ ডিব্ৰুগড় পাবলৈ 51 দিনত প্ৰায় 3,200 কিলোমিটাৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছিল (MV Ganga River Cruise) ।