তেজপুৰ,১৮ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়া পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) বতাহ বলিছে । প্ৰতিখন জিলাতে চলিছে নিৰ্বাচনী প্ৰস্তুতি । শোণিতপুৰ জিলাও ব্যতক্ৰম নহয় । ইতিমধ্যে মনোনয়ন পৰ্বও সমাপ্ত হৈছে । শোণিতপুৰ জিলাৰ চাৰিখন পৌৰসভাৰ ১৫১ খন মনোনয়ন পত্ৰৰ ভিতৰত ১৪৫ খন বৈধ হিচাপে ঘোষণা কৰা হৈছে ।
ইফালে তেজপুৰ পৌৰসভাৰ ১৭ নং ৱাৰ্ড আৰু জামুগুৰিহাটৰ ৪ নম্বৰ ৱাৰ্ড বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে নিজৰ হাতলৈ আনিছে (BJP wins 2 wards uncontested in Sonitpur)। তেজপুৰ পৌৰসভাৰ ১৭ নম্বৰ ৱাৰ্ডৰ পূৰ্বৰ পৌৰ সভানেত্ৰী তথা তেজপুৰৰ বিশিষ্ট সমাজ কৰ্মী পুষ্পা ডেকাৰ বোৱাৰী মৃদুস্মিতা হাজৰিকাই বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় ।
তেজপুৰ পৌৰ সভাৰ ১৯ টা ৱাৰ্ডৰ ভিতৰত ৩ খন আসন অগপক এৰি দি বাকী ১৫ খন আসন ঘোষণা কৰিছিল । কিন্তু বিজেপিয়ে ১৭ নং ৱাৰ্ডৰ পূৰ্বৰ সভানেত্ৰীৰ আসনখন সম্পৰ্কে কোনো ঘোষণা নকৰাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । একাংশ লোকে অভিযোগ কৰা মতে বিৰোধীক মেনেজ কৰি এই আসনখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে পূৰ্বৰ সভানেত্ৰীৰ বোৱাৰী । কিয়নো সেই আসনখনত বিৰোধী কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ।