অসম

assam

ETV Bharat / state

সাংসদ পল্লৱ লোচন দাসক ৰাজহুৱা স্থানত অপদস্থ - mp pallab lochan das humiliated in public places at rangapara

সাংসদ পল্লৱ লোচন দাসৰ পিঠিত ঢকিয়াই অপমান কৰিলে এজন লোকে (MP Pallab Lochan Das humiliated at Rangapara)৷ ৰঙাপৰাত সংঘটিত হয় এই ঘটনা ৷

Pallab Lochan Das dishonoured at Rangapara
সাংসদ পল্লৱ লোচন দাসক ৰাজহুৱা স্থানত অপদস্থ

By

Published : Mar 2, 2022, 10:47 PM IST

Updated : Mar 3, 2022, 12:52 PM IST

তেজপুৰ, 3 মাৰ্চ: ৰঙাপৰা সমষ্টিত বুধবাৰে বিয়লি তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসৰ পিঠিত ঢকিয়ালে এজন লোকে ৷ ৰঙাপৰা পৌৰ সভাৰ মাছুৱাপতিত এক নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ সময়তে অমৰিন্দ সাহানি নামৰ এজন লোকে পিঠিত ঢকিয়াই আৰু কটু বাক্য কৰাৰ উপৰিও নিজৰ গাতে কেৰাচিন তেল ঢালি সাংসদগৰাকীক ভাবুকি প্ৰদান কৰে (Pallab Lochan Das humiliated at Rangapara)।

ইয়াৰ পিছতে ঘটনাস্থলীত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকী উপস্থিত হৈ পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ লগতে সাংসদগৰাকীৰ সুৰক্ষা নিশ্চিত কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, হয়তো কোনো ৰাজনৈতিক শত্ৰুতা অথবা ব্যক্তিগত কাৰণবশতঃ এই ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে সাংসদ পল্লৱ লোচন দাসক অপদস্থ কৰা সাহানিক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷

অৱশ্যে এই মুহূৰ্তলৈকে সাংসদগৰাকীৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গোচৰ দাখিল কৰা হোৱা নাই ।

লগতে পঢ়ক:নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আদালতত গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Mar 3, 2022, 12:52 PM IST

ABOUT THE AUTHOR

...view details