তেজপুৰ,২১ জানুৱাৰী: ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে(Indian Oil Corporation Limited) উত্তৰ-পূব ভাৰতত সংকুচিত বায়’গেছৰ প্ৰসাৰৰ বাবে শুকুৰবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে(MoU signed between IOCL and Tezpur University) । বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড৽ বীৰেন দাস আৰু আই অ’ চি এলৰ হৈ বিজয় কুমাৰে বিশ্ববিদ্যালয়ৰ কেইবাজনো সদস্য আৰু প্ৰতিনিধিৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । বিশ্ববিদ্যালয়ৰ ডি এছ টি-টিইচি আৰু আই পি আৰ চেলৰ যৌথ উদ্যোগত স্বাক্ষৰিত কৰা হয় এই বুজাবুজি চুক্তি(Expansion of compressed biogas in NE India) ।
এই অনুষ্ঠানত শক্তি বিভাগৰ অধ্যাপক তথা বহুবিষয়ক গৱেষণা কেন্দ্ৰৰ সঞ্চালক অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই বুজাবুজি চুক্তিৰ চমু আভাস দাঙি ধৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুব কুমাৰ ভট্টাচাৰ্য আৰু আই অ’ চি এলৰ সাধাৰণ প্ৰবন্ধক (Alternative Energy Department) বিজয় কুমাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে ৷ এয়া বৰ্তমান দিনৰ চিন্তা বুলি অভিহিত কৰে বিজয় কুমাৰে ।
উপাচাৰ্যগৰাকীয়ে এই সহযোগিতাৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে এই জৈৱ ইন্ধন সম্পৰ্কীয় এই বুজাবুজি চুক্তিৰ উপযোগী ফলাফলে অদুৰ ভৱিষ্যতে আন কেইবাটাও ক্ষেত্ৰত এনে সহযোগিতা সম্প্ৰসাৰণৰ সূচনা কৰিব । অনুষ্ঠানত উপস্থিত থাকে নৰ্থ ইষ্টৰ ন’ডেল অফিচাৰ তথা জ্যেষ্ঠ প্ৰবন্ধক (Alternative Energy and Sustainable Development) সুনীল ৰাজাগোপাল আৰু আই অ’ চি এলৰ, এছ বাসু ।
এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱাই কয় যে তেজপুৰ বিশ্ববিদ্যালয়ে লক্ষ্যমুখী গৱেষণাৰ জৰিয়তে জৈৱ গেছৰ প্ৰসাৰৰ কামত নিয়োজিত হৈছে আৰু শস্যৰ পুষ্টিকৰ উপাদানৰ নিশ্চিত পুনঃব্যৱহাৰৰ সৈতে ইন্ধন (বায়’গেছ) আৰু জৈৱিক সাৰ উৎপাদনৰ বাবে আশাব্যঞ্জক ফিডষ্টক হিচাপে স্থানীয়ভাৱে উপলব্ধ কেইবাটাও জৈৱবস্তু চিনাক্ত কৰিছে । জৈৱ গেছৰ ওপৰত চলি থকা এনে গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ জৰিয়তে অঞ্চলটোক উপকৃত কৰিবলৈ আৰু অধিক সহায় কৰিব ।