অসম

assam

By

Published : Feb 6, 2020, 1:26 PM IST

ETV Bharat / state

ছিজুচাত উদ্ধাৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বান্দৰ

অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুচাত বনবিভাগে কিছুদিন পূৰ্বে উদ্ধাৰ কৰিছিল দুটাকৈ ভিন্ন প্ৰজাতিৰ বান্দৰ ৷ সম্প্ৰতি বান্দৰ দুটা পাকে টাইগাৰ ৰিজাৰ্ভত চেণ্টাৰ ফৰ বিয়েৰ ৰিহেবিলেশ্যন কনজাৰ্ভেশ্যনত ৰখা হৈছে ৷

পূৱ কামেং জিলাৰ ছিজুচা
ভিন্ন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ

তেজপুৰ,৬ ফ্ৰেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাৰ ছিজুচাত বনবিভাগে কিছুদিন পূৰ্বে উদ্ধাৰ কৰিছিল দুটাকৈ ভিন্ন প্ৰজাতিৰ বান্দৰ ৷ সম্প্ৰতি বান্দৰ দুটা পাকে টাইগাৰ ৰিজাৰ্ভত চেণ্টাৰ ফৰ বিয়েৰ ৰিহেবিলেশ্যন কনজাৰেভেশ্যনত ৰখা হৈছে ৷ এটা বান্দৰৰ বাহুত সামান্য আঘাত পোৱাৰ বাবে এই সংৰক্ষণ কেন্দ্ৰটোত পৰিচৰ্যা কৰি থকা হৈছে ৷ ক্ৰমে সুস্থ হৈ উঠিছে বান্দৰটো ৷ সদ্যহতে বন বিভাগে বান্দৰটো পোহনীয়া কৰিবলৈ প্ৰশিক্ষণ দিছে যদিও পোৱালিটো সংস্থাপনৰ বাবে এটা নতুন দলৰ সন্ধান কৰি আছে ৷ সংস্থাটোৰ দায়িত্বত থকা বিষয়া আয়ুস্মান সিঙে এই কথা সদৰী কৰে ৷

ভিন্ন প্ৰজাতিৰ বান্দৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details