অসম

assam

By

Published : Oct 18, 2022, 1:25 PM IST

ETV Bharat / state

Army model post in Arunachal Pradesh : ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

পশ্চিম অৰুণাচল প্ৰদেশৰ সীমান্তত স্থাপন কৰা হৈছে ভাৰতীয় সেনাৰ অত্যাধুনিক পোষ্ট (Army model post in west Arunachal)। মুঠ ৩০ গৰাকী লোক এই মডেল পোষ্টটোত থাকিব পাৰিব । যিকোনো পৰিস্থিতিত পানী, সৌৰ শক্তি, ব্যৱহাৰিক সামগ্ৰী ৰাখিব পৰা সম্পূৰ্ণ ব্যৱস্থা আছে ।সেনাৰ অভিযান্ত্ৰিক বিভাগে আই আই টি গুৱাহাটীৰ সৈতে এই মডেল নিৰ্মাণ কৰিছে ।

Tezpur
ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

তেজপুৰ, ১৮ অক্টোবৰ : ভাৰতীয় সেনাৰ কাৰিকৰী বিভাগে সীমান্তত নিৰ্মাণ কৰি উলিয়াইছে বিশেষ মডেল পোষ্ট (Indian Army Technical Department build model post)। পশ্চিম অৰুণাচল প্ৰদেশৰ সীমান্তত স্থাপন কৰা হৈছে এই মডেল পোষ্ট (Army model post in west Arunachal)। উল্লেখ্য যে, ২০২১ চনৰ নৱেম্বৰ মাহত পশ্চিম অৰুণাচল প্ৰদেশত প্ৰথমবাৰৰ বাবে এই ধৰণৰ প্ৰথমটো মডেল পোষ্ট প্ৰকল্প স্থাপন কৰাৰ এক পৰিকল্পনা কৰা হৈছিল । ইয়াৰ বাবে প্ৰয়োজনীয় স্থান, অত্যাৱশ্যকীয় সেনাৰ জিৰণি, প্ৰতিকূল বতৰ আৰু সুৰক্ষাৰ দিশ আৰু সুবিধাসমূহ লক্ষ্য ৰাখি প্ৰথম শাৰীত থকা সেনাৰ বাবে এক সংহত প্ৰকল্প হিচাপে এটা মডেল পোষ্ট নিৰ্মাণৰ পৰিকল্পনা আছিল য'ত পানীৰ সুবিধা, পোহৰৰ প্ৰয়োজনীয়তা, সুৰক্ষা আদি সকলো উপলব্ধ থাকে ।

ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

ইফালে যোৱা দশকৰ ভিতৰত সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনিৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে । ইয়াৰ অংশস্বৰূপে বৰ্তমান সেনাৰ এইটো প্ৰি-ফেব্ৰিকেটেড শ্বেল্টাৰ বা লিভিং বাংকাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতীয় সেনাৰ অভিযন্তাসকলে প্ৰস্তুত কৰিছে । মুঠ ৩০ গৰাকী লোক এই মডেল পোষ্টটোত থাকিব পাৰিব । যিকোনো পৰিস্থিতিত পানী, সৌৰ শক্তি, ব্যৱহাৰিক সামগ্ৰী ৰাখিব পৰা সম্পূৰ্ণ ব্যৱস্থা আছে (Facility of Army modern post)।

ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি গধুৰ ক্ৰেন অবিহনে ডাবল ষ্ট'ৰী লিভিং শ্বেল্টাৰ নিৰ্মাণ কৰাটো প্ৰধান উদ্দেশ্য আগত ৰাখি সেনাৰ অভিযান্ত্ৰিক বিভাগে এই কাম আৰম্ভ কৰিছিল । ইয়াৰ প্ৰয়োজনীয়তাৰ মূল কাৰণ হৈছে সীমান্তত প্ৰতিকূল বতৰৰ বাবে যোগাযোগ ব্যৱস্থা আৰু নিৰ্মাণ কাৰ্যত অসুবিধা । বিশেষকৈ বাৰিষাৰ সময়ত পথৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ লগতে নিৰ্মাণ কাৰ্যত বাধা আহে ।

তাৰ বিপৰীতে শীতৰ সময়ত অত্যাধিক তুষাৰপাতৰ ফলত ঠাইসমূহ বৰফে আৱৰি ৰাখে । এইসমূহ দিশলৈ লক্ষ্য ৰাখি সেনাৰ অভিযান্ত্ৰিক বিভাগে আই আই টি গুৱাহাটীৰ সৈতে এই মডেল নিৰ্মাণ কৰিবলৈ এক চুক্তিত স্বাক্ষৰিত কৰে (Contract between Indian Army and IIT Guwahati)। সেই চুক্তি অনুসৰি প্ৰথমবাৰৰ বাবে পশ্চিম অৰুণাচল প্ৰদেশৰ এক দুৰ্গম সীমান্তত এটা পোষ্ট স্থাপন কৰা হৈছে ।

ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

এই মডেল পোষ্টটো আছিল পাইলট প্ৰজেক্ট আৰু বৰ্তমান এই ডিজাইন আৰু ধাৰণাটোক অধিক বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু সকলো অঞ্চলৰ বহু ঠাইত ইয়াক স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে ।

ভাৰত চীন সীমান্তত স্থাপন সেনাৰ অত্যাধুনিক পোষ্ট

প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে কয় যে এনে প্ৰযুক্তিৰ ব্যৱহাৰ পৰা সেনাৰ আন্তঃগাঁথনিৰ উন্নয়নত বহুতো লাভ হ’ব । আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ব্যৱস্থাই সেনাৰ মনোবল অধিক বৃদ্ধি কৰিব । বিশেষকৈ যেতিয়া চীনে অৰুণাচল প্ৰদেশৰ উত্তৰ সীমান্তৰ সকলো ঠাইতে দ্ৰুতগতিত আধুনিক সামৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি আহিছে । তেনে সময়ত এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক :75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন

ABOUT THE AUTHOR

...view details