ৰঙাপৰা, 2 অক্টোবৰ : "আৰক্ষীৰ উপ-পৰিদৰ্শৰ কেলেংকাৰীৰ কথা কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মুখত ভাল নালাগে ৷ ৰিপুন বৰাই যিবোৰ মন্তব্য কৰি আছে ইয়াৰ পূৰ্ৱে তেওঁ নিজৰ ইতিহাসটো এবাৰ ভালদৰে চাওক ৷ নিজৰ চৰকাৰৰ এজন মন্ত্ৰী হৈ থকা সময়তে দিল্লীত আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিছিল ৰিপুন বৰাক ৷ আনকি তিহাৰ জেলৰ ভাত খাবলগীয়া হৈছিল তেওঁ ৷ গতিকে তেওঁ এই বিষয়ত মন্তব্য দিয়াৰ অধিকাৰ নাই "৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক উদ্দেশ্যি এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ শুকুৰবাৰে চাৰিদুৱাত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক তীব্ৰ সমালোচনা কৰি এই দৰে সৰৱ হৈ পৰে বিধায়ক পদ্ম হাজৰিকা ৷
কেলেংকাৰীৰ কথা কোৱাৰ পূৰ্বে ৰিপুন বৰাই নিজৰ ইতিহাসটো চাওক : পদ্ম হাজৰিকা - কংগ্ৰেছ চৰকাৰে দুৰ্নীতিৰ এক ফেক্টৰী বনাইছিল
নিজৰ চৰকাৰৰ এজন মন্ত্ৰী হৈ থকা সময়তে দিল্লীত আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিছিল ৰিপুন বৰাক ৷ আনকি তিহাৰ জেলৰ ভাত খাবলগীয়া হৈছিল তেওঁ ৷ গতিকে তেওঁ এই বিষয়ত মন্তব্য দিয়াৰ অধিকাৰ নাই "৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক উদ্দেশ্যি এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷
ইয়াৰ ওপৰিও অসম প্ৰশাসনিক সেৱা( APSC)ৰ কেলেংকাৰীৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে দুৰ্নীতিৰ এক ফেক্টৰী বনাইছিল বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ আনকি কংগ্ৰেছৰ শাসন কালত দুৰ্নীতিত জড়িত বিষয়া সকলক কংগ্ৰেছ দলে ৰক্ষণাবেক্ষণ দি আহিছিল বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ নিজেই দুৰ্নীতিত পোত যোৱা কংগ্ৰেছ দলৰ দুৰ্নীতিৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰি আৰক্ষীৰ উপ-পৰিদৰ্শৰ কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে সকলোকে কিছুদিন ধৈৰ্য ধৰাৰ আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেলেংকাৰীৰ তদন্তৰ যি নিৰ্দেশ দিছে ইয়াত কোনো সাৰি যাব নোৱাৰে বুলি মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷
লগতে পঢ়কঃ সকলো ধৰ্মনিৰপেক্ষ দলক একগোট হবলৈ আহ্বান এ আই ইউ ডি এফৰ