অসম

assam

By

Published : Sep 15, 2020, 8:24 PM IST

ETV Bharat / state

ৰাইজৰ পদূলিত বিধায়ক পদ্ম হাজৰিকা

বিধায়ক পদ্ম হাজৰিকাই আৰম্ভ কৰিছে ঘৰে ঘৰে এক ব্যতিক্ৰমী অভিযান ৷ সমষ্টিটোৰ চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত চাৰিখনকৈ পঞ্চায়তৰ বিভিন্ন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ লাভ কৰা বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত খবৰ লয় বিধায়কগৰাকীয়ে ৷

MLA of Sootea visited peoples home in chariduar rangapara sonitpur etv bharat assam news
বিধায়ক পদ্ম হাজৰিকা

ৰঙাপৰা,15 ছেপ্তেম্বৰ:চতিয়া সমষ্টিত ঘৰে ঘৰে অভিযান বিধায়ক পদ্ম হাজৰিকাৰ ৷ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই আৰম্ভ কৰিছে ঘৰে ঘৰে এক ব্যতিক্ৰমী অভিযান ৷ সমষ্টিটোৰ চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত চাৰিখনকৈ পঞ্চায়তৰ বিভিন্ন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ লাভ কৰা বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত খবৰ লয় বিধায়কগৰাকীয়ে ৷

বিধায়ক পদ্ম হাজৰিকাই আৰম্ভ কৰিছে এক ব্যতিক্ৰমী অভিযান

তদুপৰি নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'বলগীয়া ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনি সম্পৰ্কতো বিশদ বিৱৰণ দাঙি ধৰে হিতাধিকাৰীসকলক ৷ উল্লেখ্য যে, উক্ত কাৰ্যসূচীত গ্ৰহণ কৰি বিধায়কগৰাকীয়ে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰে ৷ অসম জাতীয় পৰিষদ দলৰ শ্লোগান ঘৰে ঘৰে আমি বোলা বাক্যশাৰীৰ সন্দৰ্ভত বিধায়ক হাজৰিকাই ঘৰে ঘৰে বিজেপিহে বুলি দাবী কৰে ৷ আছুৰ মঞ্চৰ পৰা ৰাজ্যত পূৰ্বেও ৰাজনৈতিক দলে জন্ম লাভ কৰিছিল ৷ কিন্তু দল এটা তিষ্ঠি থাকিব পৰাটোহে মুখ্য বিষয় বুলি দাবী কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে চাওকঃমধ্যভোগীৰ হাতোৰাত বন্দী মৰাপাট কৃষকৰ ভৱিষ্যত

ABOUT THE AUTHOR

...view details