ৰঙাপৰাৰ সোণাজুলি চাহ বাগিচা ৰঙাপৰা, ১৭ মে': ৰঙাপৰাৰ সোণাজুলি চাহ বাগিচাত কৰ্মৰত অৱস্থাত অকাল মৃত্যুক সাৱটি লোৱা পৰিয়ালক বুধবাৰে চেক বিতৰণ কৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে (Distribution of Cheque in Rangapara)। সোণাজুলি চাহ বাগিচাৰ কাৰ্যালয়ত বিধায়কগৰাকী উপস্থিত থাকি কৰ্মৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা শ্ৰমিক আগষ্ট কৰ্মকাৰৰ মাতৃ চাইৰাবাণু কৰ্মকাৰক ৬ লাখ ৩৮ হাজাৰ ৭৫৮ টকাৰ এককালীন চেক প্ৰদান কৰে ।
এই চেক বিতৰণত জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত ৰূপালী পেগু, শ্ৰম বিষয়া মেগ্না হালৈ, সোণাজুলি চাহ বাগিচাৰ পৰিচালক বিনিত পাল সিং, ভাৰতীয় চাহ সংস্থাৰ তেজপুৰ মণ্ডলৰ সম্পাদক সনাম দাস আৰু অসম চাহ মজদুৰ সংঘৰ তেজপুৰ সংঘৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটী উপস্থিত থাকে (MLA Krishna Kamal Tanti distributed Cheque)। আনহাতে, আগষ্ট কৰ্মকাৰৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰাৰ বাবে সোণাজুলি চাহ বাগিচাৰ কৰ্তৃপক্ষই নগদ ২২ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰিছিল ।
ভাষণ প্ৰসংগত বিধায়ক তাঁতীয়ে কয়," আজি এজন তেজাল ডেকাৰ মৃত্যুত চেক বিতৰণ কৰিবলৈ ওলোৱা কাৰ্যত বাৰুকৈয়ে মৰ্মাহত হৈছো । মোৰ সমষ্টিত যাতে শ্ৰমিকৰ অকাল মৃত্যু নঘটে তাৰ বাবে বাগিচাৰ পৰিচালক সকলে দৃষ্টি ৰাখিব লাগিব । শ্ৰমিক সকলৰ নিৰাপত্তা দিশত সকলো ব্যৱস্থা গ্ৰহণ কৰক । শ্ৰম বিভাগৰ দায়িত্ব আছে যে চাহ বাগিচাত শ্ৰমিক সকলে কেনেদৰে কাম কৰি আহিছে ।" নিৰাপত্তা দিশটো শক্তিশালী হ'লে শ্ৰমিকৰ মৃত্যুৰ দৰে দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও চাহ বাগিচাত সংঘটিত হয় ।
উল্লেখ্য যে, যোৱা ২৭ জানুৱাৰীত ৰঙাপৰাৰ সোণাজুলি চাহ বাগিচাত শ্ৰমিক আগষ্ট কৰ্মকাৰে কৰ্মৰত অৱস্থাত অকাল মৃত্যুক সাৱটি লৈছিল (Meeting in Sonajuli Tea Estate)। শ্ৰমিকজনৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । সোণাজুলি চাহ বাগিচাৰ পুৰুষ-মহিলা শ্ৰমিক ৰাইজে সকলো কাম-কাজ বন্ধ কৰি কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰিছিল । তথ্য অনুসৰি শ্ৰমিকজনে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাটোত উঠি বিদ্যুতৰ কাম কৰিবলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হোৱাত ২৫ বছৰীয়া আগষ্ট কৰ্মকিৰে ঘটনাস্থলীতে মৃত্যুক সাৱটি লৈছিল ।
লগতে পঢ়ক:Guwahati Doctor Couple case: শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীক কঠোৰ শাস্তি প্ৰদানৰ দাবী