তেজপুৰ,১০ আগষ্ট :সম্প্ৰতি পৰিস্থিতি কিছু পৰিৱৰ্তন হৈছে শোণিতপুৰৰ বৰছলা সমষ্টিৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰুদুবাত ৷ বিগত বুধবাৰে অঞ্চলটোত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ পিছত অব্যাহত আছে সান্ধ্য আইন ৷ ইতিমধ্যে এই সংঘৰ্ষস্থলী পৰিদৰ্শনৰ বাবে লানি লাগিছে শাসকীয় বিধায়ক সকলৰ ৷
ভৰা শিঙৰীত কাণ্ডত আছে তৃতীয় পক্ষৰ হাতঃ গণেশ লিম্বু
ঠেলামৰাৰ উক্ত সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন..
গণেশ লিম্বু
লগতে পঢ়কঃঅসম চৰকাৰৰ নিৰ্দেশনাক লৈ ক্ষোভিত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ
5 আগষ্টত সংঘটিত এই ঘটনা সম্পৰ্কে স্থানীয় বিধায়ক গণেশ লিম্বুৱে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে,যিহেতু সেই অঞ্চলটোত মাত্ৰ ২৬০ ঘৰ লোক ভোটৰ তালিকাত অন্তৰ্ভুক্ত গতিকে উক্ত ঘটনাত নিশ্চয় তৃতীয় পক্ষৰ লোক উপস্থিত আছিল ৷