অসম

assam

ETV Bharat / state

পল্লৱক মই ক্ষমা কৰিছো, সি সৰু ল’ৰাঃ ভানু

বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচনে এম.জি.ভি.কে.ভানুক বুঢ়া গৰু বুলি উল্লেখ কৰাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন আমোলা এম জি ভি কে ভানুৱে ৷

কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে.ভানুক পল্লৱ লোচনে বুঢ়া গৰু বুলি কোৱাত দুখ প্ৰকাশ ভানুৰ

By

Published : Mar 29, 2019, 7:33 PM IST

ঢেকীয়াজুলি, ২৯ মাৰ্চ : ''মোক বুঢ়া গৰু বুলি কোৱাত মোৰ দুখ লাগিছে,মোৰ জীৱনৰ ৩৪ টা বছৰত মোক এনে ব্যৱহাৰ অসমৰ কোনো ব্যক্তিয়ে কৰা নাছিল''- এই মন্তব্য তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে.ভানুৰ । শুকুৰবাৰে ভানুৱে ঢেকীয়াজুলিত নিৰ্বাচন প্ৰচাৰৰ বাবে গৈছিল। তাত পল্লৱ লোচন দাসে ভানুক বুঢ়া গৰু বুলি কোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভানুৱে কয় অসমীয়া সভ্যতা সংস্কৃতিত মই আজিলৈ বেয়া ভাষা শুনা নাছিলো । যাৰ বাবে মই অসমৰ ৰাইজৰ লগত ইমান বছৰ আছিলো, গৌৰৱ কৰিছিলো আৰু অসমত থাকি যাম বুলি ভাবিছিলো । অসমীয়া সংস্কৃতিত ইমান বেয়া ভাষাৰ প্ৰয়োজন নাই ।

কংগ্ৰেছ প্ৰাৰ্থী এম.জি.ভি.কে.ভানুক পল্লৱ লোচনে বুঢ়া গৰু বুলি কোৱাত দুখ প্ৰকাশ ভানুৰ
অসমৰবিভিন্ন ঠাইলৈমই গৈছো ,কোনো অসমীয়া গাঁৱত অসমীয়া মানুহৰ মুখত ইমান বেয়া কথা মই শুনা নাই । পল্লৱক মই ইয়াৰ বাবে বেয়া পাইছো । কি কাৰণে মোক এনেদৰে কৈছে মই নাজানো । কিন্তু মোক এনেদৰে কোৱাত মোৰ বেয়া লাগিছে, মোৰ দুখ লাগিছে । মোৰ ছোৱালীৰ নাম,মোৰ মাৰ নাম,মোৰ নাম এইবিলাক কৈ ফুৰিছে । মই জনাত অসমৰ ৰাজনীতিত এটা পদ্ধতি আছিল,এনেকুৱা কথাবোৰ নাছিল, এই এক-দুই বছৰৰ পৰা আৰম্ভ হৈছে এইবোৰ ৷ ইমান তলৰ পৰ্যায়লৈগুচিগৈছে ৰাজনীতি । এনে নেতাই লোকসভাত অসমৰ পক্ষত থাকি একো কাম কৰিব নোৱাৰে । অসমৰ কোনো সমস্যাই সমাধান কৰিব নোৱাৰে বুলি এম জি ভি কে ভানুৱে মন্তব্য কৰাৰ লগতে কয় তথাপি তাক পল্লৱকমই মাফ কৰি দিছো কাৰণ সি সৰু ল’ৰা ।

ABOUT THE AUTHOR

...view details