তেজপুৰ, ৫ ডিচেম্বৰ : অহা ৮ ডিচেম্বৰত শপত গ্ৰহণ কৰিব মিজোৰামৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে । জোৰাম পিপ'লছ মুভমেণ্ট দলে ৰাজ্যখনত শাসনৰ বাঘজৰী হাতত পোৱাৰ পিছত জেড পি এমৰ সভাপতি লালডুহুমাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা এই কথা সদৰী কৰিছে । আনহাতে, মিজোৰামৰ নিৰ্বাচনী ফলাফলত সকলো ৰাজনৈতিক ৰথী-মহাৰথীৰ সমানে দৃষ্টি আকৰ্ষণ কৰিছে মহিলা নেত্ৰীয়ে ।
মিজোৰামৰ শেহতীয়া নিৰ্বাচনী ফলাফলত তিনিগৰাকী মহিলাই শিৰোনাম দখল কৰিছে । এই তিনিগৰাকীৰ ভিতৰত সৌন্দৰ্যৰ ফালৰ পৰাও আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে । এক কথাত ক'বলৈ গ'লে মিজোৰামৰ জোৰাম পিপ'লছ মুভমেণ্টৰ দলত দুগৰাকী মহিলাই সকলোকে আকৰ্ষিত কৰিছে । ইয়াৰে ভিতৰত লালৰিনপুই আৰু বেৰিল ভান্নেইহছাংগী বিজয়ী জোৰাম পিপ'লছ মুভমেণ্টৰ (জেড পি এম) আৰু প্ৰাভো চাকমা বিদায়ী মিজো নেচনেল ফ্ৰণ্টৰ (এম এন এফ) ।
এই তিনিগৰাকী মহিলা নেত্ৰীয়ে এতিয়া সামাজিক মাধ্যমতো শিৰোনাম দখল কৰিছে । লুংলেই ইষ্টৰ পৰা লালৰিণপুয়ে, আইজল ছাউথ-৩ৰ পৰা ভান্নেইহছাংগী আৰু পশ্চিম টুইপুইৰ পৰা প্ৰাভোৱে জয়লাভ কৰে । ইয়াৰে ভিতৰত কনিষ্ঠ আৰু প্ৰথম বিজয়ী ভান্নেইহছাংগী মাত্ৰ ৩২ বছৰীয়া । ইয়াৰ বিপৰীতে প্ৰাভো চাকমাৰ বয়স ৪৮ আৰু লালৰিণপুই হৈছে এগৰাকী ৬১ বছৰীয়া নিৰ্বাচিত মহিলা বিধায়ক ।