তেজপুৰ,2 আগষ্ট:ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰী চক্ৰ ৷ দৈনিক পোহৰলৈ আহিছে ৰাজ্যত মানৱ সৰবৰাহৰ নানানটা ঘটনা ৷ শেহতীয়াকৈ এনে এক ঘটনাই পোহৰলৈ আহিছে শোণিতপুৰত ৷
তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰী অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীয়ে বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ লৈ যোৱা কেইবাগৰাকী কিশোৰী তথা যুৱতী বহু বছৰ ধৰি সন্ধানহীন হৈ আছে । ইতিমধ্যে পোহৰলৈ অহা শেহতীয়া এক তথ্য অনুসৰি, অঞ্চলটোৰ চুমকী মাহালী নামৰ যুৱতী এগৰাকী ২০১৪ চনৰ পৰাই সন্ধান হীন হৈ আছিল ৷ পৰিয়ালৰ লোকে যুৱতী গৰাকী ক’ত, কেনেদৰে আছে সেই বিষয়ে কোনো কথাই জানিব পৰা নাছিল ৷
সাত বছৰৰ পাচত সম্ভেদ লাভ চুমকী মাহালীৰ কিন্তু যুৱতীগৰাকীয়ে অলপতে সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে নিজ ককায়েক কানু মাহালীক বিচাৰি পাই ৷
ফেচবুকৰ জৰিয়তে ককায়েকৰ ফোন নম্বৰ সংগ্ৰহ কৰি যোৱা ২৬ জুলাইত যুৱতী গৰাকীয়ে ককায়েকৰ সৈতে যোগাযোগ স্থাপন কৰে ৷ তাৰ পাচতে যুৱতীগৰাকীয়ে ককায়েকক তেওঁৰ সৈতে হোৱা ঘটনাৰ সবিশেষ বৰ্ণনা কৰে ৷ যুৱতী গৰাকীয়ে ককায়েকক জনোৱা অনুসৰি, প্ৰায় সাত বছৰ পূৰ্বেই যুৱতীগৰাকী দিল্লীলৈ গৈছিল ৷ উৎপল ওৰফে দ্বীপেন বাগোৱাৰ নামৰ যুৱকজনে প্ৰেমৰ চালনাৰে যুৱতীগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতিৰে দিল্লীলৈ নিছিল ৷
লগতে পঢ়ক:সাৱধান! ৰাজ্যত অব্যাহত আছে মানৱ সৰবৰাহ
যুৱতীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, দিল্লীৰ এটা পৰিয়ালক বনকৰা যুৱতী হিচাপে চুমকীক বিক্ৰী কৰি পলায়ন কৰিছিল যুৱকজনে ৷ মানৱ সৰবৰাহকাৰীৰ দৰে এক বৃত্তিত জড়িত যুৱকজন প্ৰকৃততে আছিল বিবাহিত আৰু দুই সন্তানৰ পিতৃ ৷ যুৱতীগৰাকীৰ নিৰুদ্দেশৰ পাছত পৰিয়ালে ঘটনা সন্দৰ্ভত তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছিল ৷
কিন্তু পৰিয়াল তথা আৰক্ষীয়ে যুৱতীৰ কোনো শুং-সূত্ৰই লাভ কৰা নাছিল ৷ পৰিয়ালেও চুমকীক বিচাৰি পোৱাৰ আশা বাদ দিছিল ৷ কিন্তু চলিত বৰ্ষৰ ২৬ জুলাইত সন্ধানহীন যুৱতীগৰাকীৰ খবৰ লাভ কৰি আনন্দিত হৈ পৰিছে এতিয়া পৰিয়ালটো ৷
আনহাতে, এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিজ বাঁহবাৰী অঞ্চলৰ আন এক ভয়ানক ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে, এই অঞ্চলৰ কেইবা গৰাকী কিশোৰী বৰ্তমানেও নিৰুদ্দিষ্ট হৈ আছে ৷ উল্লেখ্য যে, নিজবাঁহবাৰী ডেকাচুবুৰীৰ ভদ্ৰেশ্বৰী ওৰাং নামৰ আন এগৰাকী যুৱতীৰো বিগত আঠ বছৰে কোনো সন্ধান পোৱা হোৱা নাই ।
ঘটনাৰ বিৱৰণ অনুসৰি, আঠ বছৰ পূৰ্বে এদিন আকস্মিক ভাৱে সন্ধানহীন হৈছিল ভদ্ৰেশ্বৰী ওৰাং নামৰ এইগৰাকী যুৱতী ৷ আনকি একেটা চুবুৰীৰে আন এগৰাকী ১২বছৰীয়া কিশোৰী মাইনু মুণ্ডাও সন্ধানহীন হৈ আছিল ৷ সকলোৰে সন্দেহ মানৱ সৰবৰাহকাৰীৰ চক্ৰত পৰিছে এইসকল যুৱতী ৷
কিন্তু এই বিষয়ে পাচত কিশোৰী মাইনুৰ পৰিয়ালে জানিব পাৰি, কিশোৰীগৰাকীক আৰক্ষীৰ সহায়ত দিল্লীৰ পৰা উদ্ধাৰ কৰিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, কাম কৰোৱাৰ নামত শাৰীৰিক অত্যাচাৰৰ সন্মূখীন হৈছিল মাইনু ৷ মাইনু উদ্ধাৰ হৈছিল যদিও তেওঁৰ ওপৰত হোৱা শাৰীৰিক অত্যাচাৰৰ ফলতে শেষত মৃত্যুক আকোঁৱালি ল’ব লগাত পৰে মাইনু ৷
লগতে পঢ়ক:তিনি বছৰ আগতেই হ’ল বিচ্ছেদ; এতিয়া ভাইৰেল হৈছে ভিডিঅ’