অসম

assam

মিছামাৰীৰ ৰামনাথপুৰ উপস্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ

By

Published : Aug 26, 2019, 12:15 PM IST

মিছামাৰীৰ ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ দান-বৰঙণি তুলি ৰাইজে কৰিব মেৰামতি ৷

ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ

ৰঙাপৰা, 26 আগষ্টঃশোণিতপুৰ জিলাৰ মিছামাৰীৰ অতি ভিতৰুৱা অঞ্চল নগাপথাৰ গাঁৱৰ ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰটিৰ অৱস্থা পুতৌলগা হৈ পৰিছে৷1983 চনত স্বাস্থ্য বিভাগে নগাপথাৰ গাঁৱত উপ স্বাস্থ্য কেন্দ্ৰটি স্থাপন কৰিছিল।

ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ
কেন্দ্ৰটিৰ পৰা এন চি বেলশিৰি, ৰামনাথপুৰ, নগাপথাৰ, ধনখনা, বিজয় নগৰ, ২ নং ৰামনাথপুৰ, মিলনপুৰ, ৰূপাঞ্জলি, সোনাপুৰকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উপকৃত হৈ আহিছে। পিছে ৰাইজৰ অভিযোগ অনুসৰি 36 বছৰীয়া উপ স্বাস্থ্য কেন্দ্ৰটি কৰ্তৃপক্ষই মেৰামতি নকৰাৰ ফলত জহি-খহি যাবলৈ ধৰিছে। কোঠাৰ দৰ্জাবোৰ ভাঙি যোৱাত উদঙীয়া গৰু-ছাগলীবোৰে সোমাই পৰিৱেশ কদৰ্যময় কৰি পেলাইছে। ইফালে স্থানীয় ৰাইজক উপেক্ষা কৰি ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰটি বন্ধ কৰি সকলো আচবাব সমূহ ধনখনাত স্থাপিত হোৱা উপ স্বাস্থ্য কেন্দ্ৰটিলৈ নিয়াৰ কৌশল কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি ৰাইজে সকীয়াই দিয়ে। সেয়ে ৰাইজে দান-বৰঙণি সংগ্ৰহ কৰি জৰাজীৰ্ণ ৰামনাথপুৰ উপ স্বাস্থ্য কেন্দ্ৰটি মেৰামতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে পৰিবৰ্তনকামী চৰকাৰৰ দিনত এটা উপ স্বাস্থ্য কেন্দ্ৰ ৰাইজে মেৰামতি কৰাৰ সিদ্ধান্ত লোৱাৰ ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে।

ABOUT THE AUTHOR

...view details