অসম

assam

ETV Bharat / state

মৃত্য়ুৰ ক্ষণ গণিছে বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ে - বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ । জিলাখনৰ বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী ।

বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

By

Published : Mar 31, 2019, 10:33 AM IST

ৰঙাপৰা , 31 মাৰ্চ :মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে শোণিতপুৰৰ জিলাৰ মিছামাৰীত স্থাপিত হোৱা এখন শিক্ষানুষ্ঠান শ্মশান যাত্ৰাৰ দিশে গতি কৰিছে৷ মাত্ৰ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা চলি আছে অঞ্চলটোৰ বান্দৰহাগী গাঁৱত স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ৷

বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

1950 চনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা মিছামাৰী অঞ্চলৰ বান্দৰহাগী গাঁৱত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ৷ বছৰৰ পাচত বছৰ ধৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিম্নগামী হোৱাৰ খবৰ বিভাগীয় কৰ্তৃপক্ষই অৱগত হোৱাৰ পাচতো মানৱ সম্পদ গঢ়া অনুষ্ঠানটো ৰক্ষা কৰিবলৈ আজিকোপতি চেষ্টা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তথ্য অনুসৰি 'ক' শ্ৰেণীৰ পৰা আৰম্ভ কৰি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম মানলৈকে পাঠদানৰ ব্যৱস্থা থকা বিদ্যালয়খনত বৰ্তমান তৃতীয় মানত এগৰাকী আৰু চতুৰ্থ মানত দুগৰাকীকৈ মুঠ তিনি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰী । ইপিনে বিদ্যালয়খনলৈ অহা-যোৱা কৰাৰ বাবে কোনো ধৰণৰ বাট-পথ নাই বুলি অভিযোগ উত্থাপিত হৈছে । আনহাতে বিদ্যালয়খনত বিশুদ্ধ খোৱা পানী, অনাময়ৰ ব্যৱস্থাৰ লগতে বিজুলী চাকি আদিৰ অভাৱ বুলিও অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰোপৰিও বিভাগীয় কৰ্তৃপক্ষৰ সমান্তৰালভাৱে স্থানীয় ৰাইজ আৰু অভিভাৱক সকলৰ বিদ্যালয়খনৰ প্ৰতি গুৰুত্বৰ অভাৱ ৷ যি সময়ত ৰাজ্য চৰকাৰে শিক্ষানীতিৰ ব্যৱস্থা ব্যাপক সংশোধন কৰি আমোল পৰিৱৰ্তণৰ প্ৰয়াস চলাইছে তেনে সময়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দ্বাৰা স্থাপিত বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়খনৰ ওপৰত মৃত্যুৰ ঘণ্টা বজাটো অতি দুৰ্ভাগ্যজনক । উল্লেখ্য যে 2017 চনৰ পৰা উক্ত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হোৱা নাই । তদুপৰি আগন্তুক দিনত যে বান্দৰহাগী নিম্ন বুনিয়াদী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ’ব তাৰো আশা ক্ষীণ । সেয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে আজি বিদ্যালয়খন বন্ধ হোৱাৰ পথ প্ৰশস্ত হৈছে ।
বান্দৰহাগী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়

ABOUT THE AUTHOR

...view details