শোণিতপুৰ, ১৬ এপ্ৰিল : শোণিতপুৰৰ মিছামাৰীত সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক ৷ সূৰ্য প্ৰকাশ সৎনামী নামৰ যুৱকজনে সম্প্ৰদায়ক লৈ ফেচবুকত এটা মন্তব্য কৰাৰ পাছতেই টোল -পাৰ লাগে সমগ্ৰ মিছামাৰী অঞ্চল ৷ বিশ্বনাথ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মিছামাৰীত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ ইতিমধ্যেই শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবেৰাৰ যুৱকজনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ লগতে বাঁহবেৰাৰ ৰাইজ আৰু আমছুৱে মিছামাৰী থানাত এখন এজাহাৰ দাখিল কৰে আৰু এই এজাহাৰৰ ভিত্তিতেই মিছামাৰী আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ IPC 153(A) আৰু 67 (IT act ) ধাৰাত ৰজু কৰে গোচৰ ৷
সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰত যুৱক - সুৰ্য প্ৰকাশ সৎনামী
শোণিতপুৰৰ মিছামাৰীত সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হয় সূৰ্য প্ৰকাশ সৎনামী নামৰ এজন যুৱক
সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰত যুৱক
আনহাতে গ্ৰেপ্তাৰ হোৱা সূৰ্য প্ৰকাশৰ মত অনুসৰি মদ্য পান কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ বাবে সূৰ্য প্ৰকাশে সকলোৰে আগত ক্ষমা খোজাৰ লগতে পুনৰ এই ঘটনা সংঘটিত নকৰে বুলি মন্তব্য কৰে ৷