তেজপুৰ ১৬ নৱেম্বৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত আলিচিঙাৰ সমীপৰ ভকুৱামাৰীত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে(Minor Girl Found Dead) ৷ আলিচিঙাৰ বাণী নিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী কিশোৰীৰ মৃতদেহ শোৱাপাটীত উদ্ধাৰ হৈছিল মঙলবাৰে ৷ গাঁওখনৰ চামচুল হক নামৰ লোকজনৰ চৈধ্য বছৰীয়া কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Minor girl found dead in Dhekiajuli) ৷
উল্লেখ্য যে, সোমবাৰে নিশা ঘৰত চামচুল হক আৰু তেওঁৰ চৈধ্য বছৰীয়া কন্যাহে আছিল ৷ নিশা ভাত পানী শুই পৰাৰপিছত মঙলবাৰে পুৱা প্ৰায় ৪ বজাত চামুচল হক ওচৰৰে এটা মছজিদত নামাজ পঢ়িবলৈ যায় ৷ পুৱাৰ নামাজ পঢ়ি উভতি আহি লোকজনে জীয়াৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পিছত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় ৷
শোণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ ৷ ইয়াৰ পিছতেই ঘটনাস্থলীত আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু ফৰেনছিকৰ দল উপস্থিত হয় ৷ ফৰেনছিকৰ দলটোৱে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইত বহু সময় অভিযান চলায় আৰু নমুনা আদি সংগ্ৰহ কৰে ৷ আৰক্ষীয়ে স্নিফাৰ ড’গৰ সহায়ত ঘটনাস্থলীত তদন্ত চলায় ৷