অসম

assam

ETV Bharat / state

40,000 হাজাৰ টকাৰ বিনিময়ত নিজ ভতিজা!

তেজপুৰৰ খলিহামাৰীৰ ফুলবানু নামৰ এগৰাকী মহিলাগৰাকীই তেজপুৰ ভোজখোৱা চাপৰিৰ ৰফিকুল ইছলামৰ সৈতে মিলি সহোদৰ ককায়েকৰ 8 বছৰীয়া কন্যাক জনৈক মুন্নাৰ সহযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত 40,000 হাজাৰ টকাত বিক্ৰী কৰে

By

Published : Jul 24, 2019, 7:42 PM IST

তেজপুৰ

তেজপুৰ, 24 জুলাইঃ ৰাজ্যত পুনৰ লাঞ্চিত কন্যা সন্তান ৷ এইবাৰ মাত্ৰ 40,000 হাজাৰ টকাৰ বাবে বিত্ৰী কৰা হ'ল এগৰাকী আঠ বছৰীয়া কন্যাক ৷ প্ৰাপ্ত তথ্য অনুসৰি তেজপুৰৰ খলিহামাৰীৰ ফুলবানু নামৰ মহিলাগৰাকীয়ে তেজপুৰ ভোজখোৱা চাপৰিৰ ৰফিকুল ইছলামৰ সৈতে মিলি নিজ ভতিজাকক অপহৰণৰ পৰিকল্পনা কৰে ৷ চলিত সপ্তাহৰ সোমবাৰে ফুলবানুৱে সহোদৰ ককায়েকৰ 8 বছৰীয়া কন্যাক জনৈক মুন্নাৰ সহযোগত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত 40,000 হাজাৰ টকাত বিক্ৰী কৰে।

তেজপুৰ

আনহাতে ফুলবানুৱে ককায়েকক শিশুটিক বেজৰ কাষলৈ লৈ যোৱা বুলি কৈ বহু সময়লৈ উভতি নহাত পৰিয়ালৰ লোকসকল আৰক্ষীৰ কাষ চাপে ৷ বৰঘাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰি মঙলবাৰে ফুলবানুক আটক কৰিবলৈ সক্ষম হোৱাত সকলো ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে শিশুটি উদ্ধাৰৰ কাৰণে তেজপুৰ আৰক্ষীৰ এটা দল ইটানগৰলৈ ৰাওনা হৈছে । আৰক্ষীয়ে ফুলবানু আৰু ৰফিকুলক আটক কৰিছে যদিও বৰ্তমানেও মুকলি আকাশৰ তলত ঘূৰি ফূৰিছে জনৈক মুন্না ৷

ABOUT THE AUTHOR

...view details