অসম

assam

ETV Bharat / state

Minister Sanjay Kishan: শ্ৰমিকৰ বাবে অতি সোনকালেই আহিব পাৰে এটা সু-খবৰ

"কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শ্ৰম আইনখনত সংযোজিত হ’ব কেইবাটাও নতুন আইন (Labor act 2022) ৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে শ্ৰমিকৰে মজুৰি একে সমান কৰাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহি আছে ৷ আজি তেজপুৰত উপস্থিত হৈ শ্ৰম সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে ( Labor and Social Welfare Minister Sanjay Kishan) ৷

Minister Sanjay Kishan comments on Labor Laws
শ্ৰমিকৰ বাবে অতি সোনকালেই আহিব পাৰে এটা সু-খবৰ

By

Published : Oct 20, 2022, 10:17 PM IST

তেজপুৰ, ২০ অক্টোবৰ: ভাৰতবৰ্ষৰ সকলো শ্ৰমিকৰ বাবে অতি সোনকালেই আহিব পাৰে এটা সু-খবৰ ৷ আজি তেজপুৰত উপস্থিত হৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য প্ৰকাশ কৰে (Labor and Social Welfare Minister Sanjay Kishan) ৷

তেজপুৰৰ আৱৰ্ত ভৱনত মন্ত্ৰীগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শ্ৰম আইনখনত সংযোজিত হ’ব কেইবাটাও নতুন ধাৰা (Labor act 2022) ৷ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে শ্ৰমিকৰ মজুৰি সমান কৰাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহি আছে ৷ যদি এই শ্ৰম আইনখন ভাৰতবৰ্ষৰ সকলোতে প্ৰযোজ্য হয়, তেতিয়াহ’লে নিশ্চিতভাৱে অসমতো প্ৰযোজ্য হ’ব ৷ কিন্তু বিষয়টোৰ ওপৰত সকলো সিদ্ধান্ত শ্ৰমিক, মালিক আৰু ট্ৰেড ইউনিয়নসমূহক সামৰিহে লোৱা হ'ব ৷"

শ্ৰমিকৰ বাবে অতি সোনকালেই আহিব পাৰে এটা সু-খবৰ

লগতে পঢ়ক:Tea labour protest: ন্যায্য বিচাৰি প্ৰতিবাদত বহিল চাহ শ্ৰমিক

তেওঁ লগতে কয়, "বাগিছাৰ শ্ৰমিকসকলৰ মজুৰি ৩৫০ টকা আদায় দিয়াৰ যি দাবী উত্থাপিত হৈ আহিছে সেয়া আমিও বিছাৰো ৷ কিন্তু মালিক পক্ষ তথা ট্ৰেড ইউনিয়ন সকলোৱে মিলিতভাৱে এই বিষয়ে কাম কৰিব লাগিব । চাহ উদ্যোগটো জিয়াই থকাৰ লগতে শ্ৰমিকসকলেও প্ৰাপ্য মজুৰি পাব লাগিব । চৰকাৰে চাহ বাগিছাৰ বাবে বহুতো আচঁনি লৈ আহিছে ৷"

তেওঁ লগতে কয়, " ইতিমধ্যে চাহ বাগিছাত ১১৯ খন হাইস্কুল নিৰ্মাণ কৰা হৈছে আৰু এশখন স্কুলৰ নিৰ্মাণৰ আধাৰশিলা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই অসম ভ্ৰমণৰ সময়ত কৰাৰ লগতে চাৰিশখন জগন্নাথ ভৱন নিৰ্মাণৰ কামো হাতত লোৱা হৈছে । অসমৰ চাহ শ্ৰমিকৰ মজুৰি ইতিমধ্যে দুবাৰকৈ বৃদ্ধি কৰা হৈছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছে যি সিদ্ধান্ত অনুসৰি হয়তো খুব সোনকালে ভাৰতবৰ্ষৰ সকলো শ্ৰমিকৰে মজুৰি সমান হ'ব পাৰে । ৰাজ্য চৰকাৰেও চেষ্টা অব্যাহত ৰাখিছে । সকলো সিদ্ধান্ত শ্ৰমিক মালিক আৰু ট্ৰেড ইউনিয়নক সামৰি লোৱা হ'ব ।"

লগতে পঢ়ক:Diwali 2022 in Assam: প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ দীপাৱলীৰ সম্পৰ্কত দিয়া নিৰ্দেশনা বিভ্ৰান্তিৰ আখ্যা ইলোৰা বিজ্ঞান মঞ্চৰ

ABOUT THE AUTHOR

...view details