কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰত কৃষিক্ষেত্ৰত অধিক উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শনিবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা। যোজনাখন উদ্ধোধন কৰে সংখ্যালঘু কল্যাণ আৰু উন্নয়ণ মন্ত্ৰী ৰঞ্জিৎ দত্তই।
মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা উদ্ধোধন - BTAD
উদ্ধোধন কৰে সংখ্যালঘু কল্যাণ আৰু উন্নয়ণ মন্ত্ৰী ৰঞ্জিৎ দত্তই
kokrajhar
আনহাতে, বিটিএডিৰ চাৰিখন জিলাৰ দৰিদ্ৰ কৃষক পৰিয়ালক মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনাৰ অধীনত সাঁমৰি লোৱা হৈছে ৷ ইয়াৰে কোকৰাঝাৰ জিলাৰ পৰা ১৯৭২৩ টা কৃষি পৰিয়ালক উক্ত আঁচনিত সাঁমৰি লৈ প্ৰতিগৰাকী হিতাধিকাৰী কৃষকক পাচঁ হেজাৰ টকা বেংক একাউন্টযোগে প্ৰদান কৰিৱ বুলি বিটিচিৰ কৃষি বিভাগে সদৰী কৰে।