অসম

assam

ETV Bharat / state

Minister Pijush Hazrika: ভাগৰে হেঁচা মাৰি ধৰিছে হৈছে মন্ত্ৰী পীযুষ হাজৰীকাক ! - APCC

‘‘ভূপেন বৰাই হিংসা কৰে দলৰে বিধায়কক ৷ বিধায়কৰ বিৰুদ্ধে কঠোৰ স্থিতি লম বুলি কলেও ল’ব নোৱাৰে একো সিদ্ধান্ত ৷’’ এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰীকাৰ ৷

Minister Pijush Hazrika
ভাগৰে হেঁচা মাৰি ধৰিছে হৈছে মন্ত্ৰী পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:18 PM IST

ভাগৰে হেঁচা মাৰি ধৰিছে হৈছে মন্ত্ৰী পীযুষ হাজৰীকা

তেজপুৰ, 10 অক্টোবৰ :গাঁৱে গাঁৱে চলিছে অমৃত কলহ যাত্ৰা ৷ সমান্তৰালকৈ অমৃত কলহক লৈ অসমত বিজেপি-কংগ্ৰেছৰ মাজত চলিছে দুৰ্বাদল কাজিয়া ৷ শেহতীয়াকৈ অমৃত কলহ যাত্ৰাত ভাগ লোৱা কেইগৰাকীমান কংগ্ৰেছ বিধায়কক লৈ কঠোৰ হোৱাৰ ইংগিত দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু গুজৰি-গুমৰি থকা ভূপেন বৰাই পঞ্চায়তৰ দুগৰাকী সদস্যক নিলম্বন কৰিয়ে দায়িত্ব সামৰিলে ৷

বিপৰীতে ভূপেন বৰাৰ পদক্ষেপক এক চফ্ট টাৰ্গেট আখ্যা দি কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মঙলবাৰে তেজপুৰত উপস্থিত হৈ মন্ত্ৰী হাজৰীকাই কলে, ‘‘কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিধায়কসকলক হিংসা কৰে ৷ যোৱা দুটা বছৰত হকে-বিহকে বিধায়কসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি টাৰ্গেট কৰিবলৈ পাহৰা নাই ৷ কিন্তু বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভয় কৰে বৰাই ৷ কেৱল পঞ্চায়তৰ লোকক নিলম্বিত কৰি চফ্ট টাৰ্গেট কৰিছে ।’’

‘‘কংগ্ৰেছৰ কথা কৈ কৈ ভাগৰি পৰিছো ৷ কিমান কম কংগ্ৰেছৰ কথা ! দলীয় আভন্তৰীণ কন্দলে বিধ্বস্ত কৰা কংগ্ৰেছে এতিয়া দপদপাই আছে ৷ কিন্তু নিৰ্বাচনৰ পাচত আকৌ নাইকিয়া হ’ব ৷’’ এই মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷

আনহাতে জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই ৷ তেওঁ কয়, ‘‘জাতিগত পিয়লৰ কথা কৈ কংগ্ৰেছে দেশখনক বিভাজন কৰিবলৈ চেষ্টা কৰে আৰু কৰি আহিছে ।’’

ইফালে দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচন সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয়, ‘‘কংগ্ৰেছে কিছুদিনৰ আগতে কৈছিল যে বিজেপিয়ে এখনো আসন নাপায় বুলি ৷ কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমত নিৰ্বাচনৰ আগতীয়া সমীক্ষাই স্পষ্ট কৰি দিছে । আজিৰ তাৰিখত একেবাৰে নিশ্চিত যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব ।’’

লগতে পঢ়ক;Anganwadi workers protest: তেজপুৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details