তেজপুৰ, 3 আগষ্ট:‘লাভ জিহাদ’ বিতৰ্কত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ নাম লৈ ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ৷ ‘অবাঞ্ছিত’ মন্তব্যৰ বাবে ঘোষা গাই ক্ষমা খুজিও শাসকীয় দল বিজেপিৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱা নাই ভূপেন বৰাই ৷ এইবাৰ পুনৰ ভূপেন বৰাক আক্ৰমণক লক্ষ্য কৰি লয় মন্ত্ৰী পীযূষ হাজৰীকাই ৷
বৃহস্পতিবাৰে শোণিতপুৰ জিলা দিৱসত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰীকাই ভূপেন বৰা সন্দৰ্ভত কয়, ‘‘আমি ভাবিছিলো ভূপেন বৰা কথা দি কথা ৰখা মানুহ, কিন্তু তেওঁ কালি দিল্লীলৈ গৈছে ৷ তেওঁ অসমৰ মানুহক কৈছিল যে তেওঁ 7 দিন ৰাজনীতিৰ পৰা আঁতৰি থাকিব; আৰু এই 7 দিনৰ প্ৰত্যেক দিনাই নামঘৰলৈ যাব ৷ কিন্তু হঠাৎ তিনিদিনৰ পাচত দিল্লীলৈ গুচি গ’ল ৷’’
পীযূষ হাজৰীকাই লগতে কয় যে ভূপেন বৰাই নিজকে কবি আৰু বিজ্ঞ বুলি দম্ভালি মাৰে, কিন্তু তেওঁ কথা দি কথা ৰাখিব নোৱাৰে ৷ মন্ত্ৰী নোহোৱাকৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে ৷ 7 দিন নামঘৰলৈ যাম বুলি তিনি দিনৰ দিনাই দিল্লীলৈ পলায়ন কৰা এনে ৰাজনৈতিক নেতাৰ পৰা অসমৰ ৰাইজে কি পাব, সেয়া চিন্তা কৰিবৰ হ’ল ৷