অসম

assam

ETV Bharat / state

Pijush Hazarika at Sonitpur: শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ - Pijush Hazarika distributes scooty among students

শোণিতপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ তেজপুৰ কলিবাৰীত নৱনিৰ্মিত ড৹ বি.আৰ. আম্বেদকাৰ ভৱন আৰু তেজপুৰ জলসম্পদ সংমণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰীগৰাকীৰ ।

Minister Pijush Hazarika distributes scooty among students
Pijush Hazarika at Sonitpur: শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

By

Published : Dec 11, 2022, 9:10 PM IST

তেজপুৰ, ১১ ডিচেম্বৰ: আজি শোণিতপুৰ জিলাত প্ৰদান কৰা হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ, জলসম্পদ, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি স্কুটী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে(Tezpur Sonitpur Banikanta Kakoti award) ৷ আজি তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সভাত ১০ গৰাকী মেধাৱী ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে(Pijush Hazarika at Sonitpur) ৷

শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ মুঠ ১০৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে ৷ ইয়াৰ ভিতৰত ১৮৯ গৰাকী ছাত্ৰ আৰু ৮৬৮ গৰাকী ছাত্ৰী । তেজপুৰত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই তেওঁলোকক সমাজৰ বৃহত্তৰ হিতৰ বাবে নিজকে উৎসৰ্গিত কৰি দেশমাতৃৰ সেৱাত মনেনিৱেশ কৰিবলৈ আহবান জনায়(Minister Pijush Hazarika distributes scooty among students) ৷

শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

মন্ত্ৰী হাজৰিকাই কয় যে অসম চৰকাৰৰ এই সুদূৰপ্ৰসাৰী আঁচনিখনে শিক্ষাৰ্থীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰিব আৰু এই প্ৰচেষ্টাই ৰাজ্যৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত বহুখিনি আগুৱাই নিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষণ দিয়া আজিৰ সভাত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাইও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ।

শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

উল্লেখ্য যে, ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০% নম্বৰ লাভ কৰা ছাত্ৰীসকলে চৰকাৰৰ পৰা লাভ কৰে স্কুটী ৷ এই বছৰৰ পৰা এই আঁচনিৰ অধীনত ৭৫% নম্বৰ লাভ কৰা ছাত্ৰসকলেও স্কুটী লাভ কৰিব বুলি জানিবলৈ দিয়ে । আজিৰ অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতি কমল হাজৰিকা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিন, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, বিশিষ্ট সমাজকৰ্মী বাটাশ ওৰাং, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

শোণিতপুৰ জিলাৰ কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

উল্লেখ্য যে, ২০২২ বৰ্ষত ৰাজ্যৰ মুঠ ৩৫,৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা ৷ ইয়াৰে ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২ গৰাকী ছাত্ৰ ৷

স্কুটী বিতৰণী অনুষ্ঠানৰ পাছতে মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ কালিবাৰীত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ অধীনত অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমে SOPD শিতানৰ ১.৬৬ কোটি টকা ব্যয়ৰে নতুনকৈ নিৰ্মাণ কৰা ড৹ বি.আৰ. আম্বেদকাৰ ভৱনটিৰ শুভ উদ্বোধন কৰে ৷ ইয়াৰ উপৰিও, জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে ১.৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তেজপুৰ জলসম্পদ সংমণ্ডলৰ স্থায়ী কাৰ্যালয় ভৱনটিও উদ্বোধন কৰে ৷ উদ্বোধনী অনুষ্ঠানত সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি আন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই তেজপুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আয়োজন কৰা অৰুণোদয় ২.০ৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠকতো অধ্যক্ষতা কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details