তেজপুৰ, 12 অক্টোবৰ :কেন্দ্ৰীয় চৰকাৰৰ‘‘সেতু বন্ধন আঁচনি’’ৰ অধীনত অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব 7 খনকৈ দলং ৷ এই কথা সদৰী কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ 2023-24 বিত্তীয় বৰ্ষত 118.50 কোটি টকা ব্যয়েৰে 7 খন দলং নিৰ্মাণৰ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে ৷
উল্লেখ্য যে, বাৰিষাৰ সময়ত পাহাৰীয়া ৰাজ্যখনৰ কেইবাখনো দলঙৰ বিস্তৰ ক্ষতিসাধন হৈছিল । ফলত ৰাইজৰ যাতায়তৰ লগতে সৈন্য সঞ্চালনৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা অনুমোদন লাভ কৰা দলঙসমূহ এনে ধৰণৰ :
1. লাচাঙত পাচা নদীৰ ওপৰত আৰ চি চি দলং ৷ পূব কামেং জিলাৰ লাইমোয়া পৰা নেৰেৱা আৰু ছ’ৰ’ৱা গাঁও সংযোগ পথত নিৰ্মাণ কৰিব দলঙখন ।
2. গোৱাঙৰ পৰা ডোনিগাঁও সংযোগী গোৱাঙত পাচা নদীৰ ওপৰত আৰ চি চি দলং ৷ পূব কামেং জিলাৰ ডোনিগাঁৱলৈ যোৱা পথত নিৰ্মাণ কৰা হ’ব ।
3. 313 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হ’ব 3 খন দলং ৷ ৰয়িং-আনিনি পথৰ মাজত, নামনি ডিবাং জিলাৰ এন এইচ পি চি কলনী হৈ নিউ চিডু গাঁও সংযোগী পথত দলং নিৰ্মাণ হ’ব ৷