তেজপুৰ, 2 নৱেম্বৰ :অসমৰ শিক্ষা, স্বাস্থ্য ,বিত্ত আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সোমবাৰে শোণিতপুৰ জিলাৰ সোণাবিল চাহ বাগিচাত উপস্থিত হয় । জিলাখনৰ তিনিখন চাহ বাগিচাত মডেল হাইস্কুল স্থাপনৰ আধাৰশিলা উন্মোচন কৰাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰী গৰাকীয়ে ৷
তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - উত্তীৰ্ণ
তেজপুৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মডেল হাইস্কুৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷

আধাৰশিলা উন্মোচন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আগন্তুক 2021 চনৰ মে' মাহৰ ভিতৰত এই বিদ্যালয় সমূহ সম্পূৰ্ণ কৰি পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ পিচত এই বিদ্যালয় সমূহ 2023 চনৰ ভিতৰত উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা হাতত লোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে, উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্র-ছাত্ৰী সকলৰ বাবে মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে 10 শতাংশ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, অসম চৰকাৰে এই বিদ্যালয় সমূহৰ বাবে মুঠ 142 কোটি টকা ধাৰ্য কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :পুনৰ আভ্যন্তৰীণ কন্দলৰ দিশে নেপালৰ কমিউনিষ্ট চৰকাৰ