অসম

assam

ETV Bharat / state

ৰেডিশ্বনত বন্ধুৰ সৈতে চাহমেলত কি কথা পাতিলে মন্ত্ৰী অশোক সিংঘালে ? - অম্বুবাচী মেলা

ৰেডিশ্বন ব্লুত বাহৰ পাতি আছেহি মন্ত্ৰী অশোক সিংঘালৰ ভাল বন্ধু এজনে ৷ অতি পুৰণি বন্ধুজনৰ আমন্ত্ৰণক্ৰমে মন্ত্ৰীগৰাকী হোটেলখনলৈ গৈ চাহ-কফি খাই অহাৰ কথা জনালে সংবাদ মাধ্যমত ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ(Maharashtra political crisis) বিষয়ে একো আলোচনা নকৰিলে বুলি স্পষ্টকৈ ক’লে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ অম্বুবাচী মেলা, অসমৰ জলবায়ু ইত্যাদি বিষয়তহে বোলে চলিল দুই বন্ধুৰ মাজত কথা-বতৰা ৷

Ashok Singhal at Raddison blu
ৰেডিশ্বনত বন্ধুৰ সৈতে চাহমেলত কি কথা পাতিলে মন্ত্ৰী অশোক সিংঘালে ?

By

Published : Jun 28, 2022, 10:04 PM IST

তেজপুৰ, ২৮ জুন: ৰেডিশ্বন ব্লু হোটেলত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ (Maharashtra rebel MLAs) মাজত মন্ত্ৰী অশোক সিংঘালৰ বহুত ভাল বন্ধু এজন আছে ৷ বন্ধুজনৰ অনুৰোধক্ৰমে অশোক সিংঘালে চাহ, কফি আৰু বহুত কিবাকিবি খাই আহিলেগৈ হোটেলখনলৈ গৈ ৷ অৱশ্যে বিসম্বাাদী বিধায়কগৰাকীৰ লগত মহাৰাষ্ট্ৰ ৰাজনীতি অথবা অন্য কোনো ৰাজনৈতিক কথা এটাও নাপাতিলে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

ৰেডিশ্বনত বন্ধুৰ সৈতে চাহমেলত কি কথা পাতিলে মন্ত্ৰী অশোক সিংঘালে ?

বিধায়কগৰাকীৰ লগত অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কি কি কথা আলোচনা কৰিলে সেয়াও অলপো লুক-ঢাক নকৰাকৈ সকলো ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ক’লে মহাৰাষ্ট্ৰৰ পৰা আহি ৰেডিশ্বন ব্লু হোটেলত সাতদিনে বাহৰ পাতি থকা বন্ধুগৰাকীৰে হোৱা বাৰ্তালাপৰ কথা ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, মহাৰাষ্ট্ৰৰ পৰা অসমলৈ বুলি অহা বন্ধুগৰাকীৰে সৈতে চাহ-কফিৰ আদ্দাত আলোচনা কৰা হ’ল অসমৰ কেইবাটাও বিষয়ত ৷ য’ত নাছিল কোনো ৰাজনৈতিক কথা-বতৰা (Maharashtra political crisis)৷ অসমৰ জলবায়ু আৰু পৰ্যটন ক্ষেত্ৰৰ বিষয়ে ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰে আলোচনা কৰিলে অশোক সিংঘালে (Minister Ashok Singhal)৷ ইয়াৰোপৰি অম্বুবাচী মেলাৰ বিষয়ত আলোচনা কৰিলে বহু পৰ (Ambubachi Mela at Kamakhya) ৷ কেৱল এনেধৰণৰ আলোচনাৰ মাজেৰে বন্ধুক সংগ দিয়া বুলি জনালে মন্ত্ৰী অশোক সিংঘালে (Ashok Singhal at Raddison blu)৷

মন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিলে, মহাৰাষ্ট্ৰৰ চৰকাৰ বিজেপিৰ দখললৈ যাব নেকি ? উত্তৰত অসম চৰকাৰৰ মন্ত্ৰীৰ পোনপটীয়া উত্তৰ- ‘‘ মই হ’লো ঢেকিয়াজুলীৰ বিধায়ক ৷ অসম চৰকাৰৰ মন্ত্ৰী ৷ গতিকে মহাৰাষ্ট্ৰ কথা মোক সুধি কি লাভ ?’’

উল্লেখ্য যে, মন্ত্ৰী সিংঘালে শোণিতপুৰ জিলাৰ বানপীড়িত অঞ্চলসমূহ মঙলবাৰে পৰিদৰ্শন কৰে । বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে 50 খন অত্যাধুনিক নাওঁ ক্ৰয় কৰাৰ বিষয়ে মন্তব্য কৰি কয় যে, বিশেষকৈ বান অধ্যুষিত জিলাসমূহত এই নাওঁসমূহ ৰখা হ’ব আৰু তাৎক্ষণিকভাৱে বানপীড়িত লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত এই নাঁওসমূহে সহায় কৰিব ৷

লগতে পঢ়ক:Maha Hotel Politics: ৰেডিশ্বন ব্লুৰ বুকিঙৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details