তেজপুৰ, ২০ আগষ্ট :শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সভাত অৰুণোদয় মাহৰ উদ্বোধন কৰাৰ (Minister Ajanta Neog inaugurated Arunodaya Month in Sonitpur) লগতে এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া ক্ষতিপূৰণ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে (Ajanta neog distributed flood releif at Sonitpur DC office) ৷
আজিৰ অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিন, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল, অৰুণোদয় মাহৰ বাবে শোণিতপুৰ জিলাৰ পৰ্যবেক্ষক আৰু পৰীক্ষণ দলৰ সদস্যসকল উপস্থিত থাকে ৷
উল্লেখ্য যে শোণিতপুৰ জিলাত মুঠ ৭৬৭ ক্ষতিগ্ৰস্ত (767 families benefited by flood releif in Sonitpur) ঘৰৰ বিপৰীতে পোনপটীয়া সাহায্য হস্তান্তৰৰ জৰিয়তে ধাৰ্য কৰা মুঠ অনুদান হৈছে ১,৫২,১৮,৯০০ টকা । ইয়াৰে ভিতৰত সম্পূৰ্ণৰূপে ধ্বংস হোৱা ১৩৭ টা ঘৰ, আংশিকভাৱে ক্ষতিগ্ৰস্ত (পকী) ঘৰ ১২ টা, আংশিকভাৱে ক্ষতিগ্ৰস্ত (কেঁচা/ মাটিৰ) ঘৰ ৪৪০টা, ১৭৩ টা জুপুৰী ঘৰ আৰু ২টা গোহালি আছে ৷