ৰঙাপৰা,১ মে' :শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঠাকুৰবাৰী ভাৰতীয় সেনা শিৱিৰত দেওবাৰে এক মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় (Mini Marathon Competition at Rangapara)। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৬ নং জাট ৰেজিমেণ্টে ১০ কিলোমিটাৰ দূৰত্বৰ এই মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে (Indian Army organized Mini Marathon at Rangapara)। মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ১৬ নং জাট ৰেজিমেণ্টৰ কামাণ্ডিং বিষয়া কৰ্ণেল আৰ্শীষ সিং মেহতাই ।
প্ৰতিযোগিতাত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫ গৰাকী, বৰজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩৫ গৰাকী, কদমতল হাইস্কুলৰ ২০ গৰাকী, ৰঙাপৰা মহাবিদ্যালয়ৰ ২০ গৰাকী আৰু শ্ৰীমতী চন্দ্ৰপ্ৰভা স্মৃতি হিন্দী বিদ্যালয়ৰ ১৫ গৰাকীকৈ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতাত কিষান মুণ্ডাই প্ৰথম স্থান লাভ কৰাৰ সমান্তৰালকৈ জীৱন কাথিয়ে দ্বিতীয় আৰু আকাশ মুণ্ডাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।