অসম

assam

ETV Bharat / state

Mini Combine Harvester: তেজপুৰৰ খেতিপথাৰত প্ৰথমবাৰলৈ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ উদ্বোধন - মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ মুকলি ৷ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মুকলি কৰে এই মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ ৷

Mini Combine Harvester inaugurated in Tezpur
তেজপুৰৰ খেতিপথাৰত প্ৰথমবাৰলৈ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ উদ্বোধন

By

Published : Nov 26, 2022, 10:53 PM IST

তেজপুৰ, ২৬ নৱেম্বৰ: এপাৰ্ট(APART) শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU (Operational project implementation unit) AGRI, গুৱাহাটীৰ সহযোগত প্ৰথমবাৰৰ বাবে তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত আজি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ উদ্বোধন কৰা হয় ৷ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই উদ্বোধন কৰে এই মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ ৷

তেজপুৰৰ খেতিপথাৰত প্ৰথমবাৰলৈ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ উদ্বোধন

কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তিৰ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ (Mini Combine Harvester) জৰিয়তে নিজেই কৃষকৰ পথাৰত ধান কাটি এই প্ৰযুক্তিৰ সুবিধা ল’বলৈ কৃষকসকলক আহ্বান জনায় বিধায়ক পৃথ্বীৰাজ ৰাভাই । কৃষকসকলক চৰকাৰে ৰেহাই মূল্যত প্ৰদান কৰা কম্বাইন হাৰ্ভেষ্টাৰৰ এই অত্যাধুনিক প্রযুক্তিয়ে কৃষিক্ষেত্রত এক বিপ্লৱৰ সূচনা কৰিব বুলি মন্তব্য কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ তেওঁ লগতে একেডৰা মাটিতে ঋতু অনুসৰি বিভিন্ন খেতি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।

জিলা কৃষি বিষয়া পংকজ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত IRRI ৰ বিশেষজ্ঞ বিবেক কুমাৰে মিনি কমাইণ্ড হাৰ্ভেষ্টাৰৰ জৰিয়তে কৃষকসকল কিদৰে লাভান্বিত হ'ব সেই বিষয়ে বিশদ বিবৰণ আগবঢ়ায় । শইকীয়াই কৃষি বিভাগৰ তৰফৰ পৰা ৰেহাই মূল্যত জিলাখনৰ কৃষি উৎপাদক কোম্পানীসমূহক আগবঢ়োৱা এই অত্যাধুনিক প্রযুক্তি কম্বাইন হাৰ্ভেষ্টাৰৰ লাভ উঠাবলৈ কৃষকসকলক পৰামৰ্শ দিয়াৰ লগতে বিভাগৰ তৰফৰ পৰা ভৱিষ্যত দিনত সকলো সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, KVK বিশেষজ্ঞ মুনমুন বসুমতাৰী, ICCOA ৰ বিষয়া কিশোৰ বৰুৱা, মহকুমা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, কৃষি বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে ২০০ ৰো অধিক কৃষক ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক :Tinsukia District Sahitya Sewi Mancha: তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ সামৰণি

ABOUT THE AUTHOR

...view details