তেজপুৰ, 3 নৱেম্বৰ:"আমাক শনিবাৰে শনিবাৰে বিস্কুট খুৱায় ৷" শ্ৰেণীকোঠাত বহি Etv Bharat অসমৰ সাংবাদিকৰ প্ৰশ্নত ছাত্ৰ-ছাত্ৰীৰ সমজুৱা উত্তৰ ৷ পিছে এইয়া কোনো শ্ৰেণীকোঠাৰ পাঠদানৰ অংশ নহয় ৷ এইয়া তেজপুৰস্থিত বিহগুৰি প্ৰাথমিক বিদ্যালয়ৰ গুপ্ত অধ্যায়ৰ এক অংশহে ৷ অৰ্থাৎ আমি ক’বলৈ ওলাইছো ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয়ত কেনেদৰে মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক ৰাম ঠগন দিছে একাংশ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে (Mid Day meal scam in Tezpur)৷
1975 চনত স্থাপিত বিহগুৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে (Mid Day meal scam at Bihoguri primary school)৷ বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী 6 গৰাকী, লগতে ছাত্ৰ-ছাত্ৰী আছে 85 গৰাকী ৷ চৰকাৰী নিৰ্দেশমৰ্মে বিদ্যালয়খনৰ শিক্ষাৰ্থীক খাদ্যৰ তালিকা অনুসৰি মধ্যাহ্ন ভোজন খুৱাব লাগে ৷ কিন্তু বিভিন্ন উজুহাতত বিগত কেবাটাও শনিবাৰে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত বিস্কুট খুৱাই অহা অভিযোগ উত্থাপন কৰে খোদ ছাত্ৰ-ছাত্ৰীয়ে ৷
ইফালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষাৰ্থীৰ অভিযোগ একেমুখে নস্যাৎ কৰি কয়,"আজি কণী বেয়া ওলোৱাৰ কাৰণে ছাত্ৰ-ছাত্ৰীখিনিক কণী খুওৱা নহ’ল ৷ আমি শনিবাৰে শনিবাৰে বিস্কুট নুখুৱাও ৷ ল’ৰা-ছোৱালীৰ কথা নুশুনিবই ৷ আমাক এইবোৰ সুধি লাভ নাই ৷ ৰান্ধনী নহ’লে আমি বিস্কুট খুৱাইছিলো ৷ আমাৰ সদায় সুবিধা নাথাকে নহয় ৷ সুবিধা হ’লে আমি খুৱাওটো ৷ তোমালোকে এইবোৰ নুসুধিবাও ৷ আমি মিলাব নোৱাৰো নহয় ৷"