চতিয়া, 2 এপ্ৰিল :লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাথো এটা সপ্তাহ বাকী থকা অৱস্থাত তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চতিয়া বিধান সভা সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ সমষ্টিটোৰ অন্তৰ্গত কুসুমটোলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত পল্লৱলোচন দাসে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সময়তে মঙলবাৰে চতিয়া সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ৷
জামুগুৰি ব্যৱসায় কেন্দ্ৰস্থলত মঙলবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে কংগ্ৰেছে সদায় দুখীয়া আৰু দৰিদ্ৰ জনসাধাৰণৰ হকে কাম কৰে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কে বিজেপি দলক মহা সংকটত পেলোৱাৰ বিপৰীতে অসমত কংগ্ৰেছে বহু কেইখন আসন দখল কৰিব বুলি উল্লেখ কৰে ৷ কেৱল ইমানেই নহয়, বিজেপিক সমালোচনা কৰি তেওঁ আৰু কয় যে, "ভাৰততে জন্মগ্ৰহণ কৰি অসমত ৩৫ বছৰ ধৰি চাকৰি কৰাৰ পাছত সেৱাৰ মনোবৃত্তিৰে কংগ্ৰেছ দলত যোগদান কৰি সমাজ সেৱা কৰিবলৈ ওলোৱাৰ সময়ত মোক যি সকলে চালানী মাছ তথা বাহিৰৰ প্ৰাৰ্থী বুলি হৈ চৈ লগাইছে সেই সকলেই এতিয়া বিদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ উঠি পৰি লাগিছে ৷ মোৰ মা দেউতাই দিয়া নামআৰু চেহেৰাক লৈ যি সকলে মোক তুচ্চ তাচ্চিল্য কৰিছে সেইসকলক পাপে চুব ।"