অসম

assam

By

Published : Mar 23, 2019, 8:12 PM IST

ETV Bharat / state

বিশাল ৰেলীৰে ভোটাৰৰ মাজত এম জি ভি কে ভানু

ঢেকীয়াজুলিৰ শইকীয়া চুবুৰীত শিৱমন্দিৰত মূৰ দোঁৱাই আশীৰ্বাদ ল'লে ভানুয়ে ৷ সহস্ৰাধিক বাইক আৰু গাড়ীৰে শনিবাৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকী ৷

এম জি ভি কে ভানু

তেজপুৰ, ২৩ মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে অংশগ্ৰহণ কৰিলে বিশাল ৰেলীত ৷ সহস্ৰাধিক বাইক আৰু গাড়ীৰে শনিবাৰে সমষ্টিটোৰ বিভিন্ন ঠাইত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকী ৷

এম জি ভি কে ভানু

ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰ প্ৰাঙ্গণৰ পৰা দলীয় সমৰ্থকে বিশাল ৰেলীৰে আদৰণি জনায় ভানুক ৷ শিৱ মন্দিৰত মুৰ দোঁৱাই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে সমৰ্থকৰ বিশাল ৰেলীৰে একপ্ৰকাৰ নিজৰ শক্তি প্ৰদৰ্শনকৰিলে ৰাজ্যৰ প্ৰাক্তন আমোলাগৰাকীয়ে ৷

ৰেলীত অংশগ্ৰহণ কৰি ভানুৱে কয় যে, "মোক কংগ্ৰেছ দলে যি দায়িত্ব প্ৰদান কৰিছে তাক ভালদৰেই পালন কৰিম ৷ দলে মোক তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দি ৰাইজৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে তাৰ বাবে মই যিমান পাৰো সিমান ৰাইজৰ বাবে কষ্ট কৰিম ৷ হিন্দু মুছলমানৰ মাজত বিজেপিয়ে যি সংঘাট সৃষ্টি কৰিছে তাৰ লগতে ৰাজ্যৰ অন্যতম সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলেই হ'ব মোৰ মূল নিৰ্বাচনী ইছ্যু ৷"

ABOUT THE AUTHOR

...view details