অসম

assam

ETV Bharat / state

কংগ্ৰেছ ত্যাগ এম.জি.ভি.কে ভানুৰ

অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব তথা তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা এম.জি.ভি.কে ভানুৱে আজি সন্ধিয়া কংগ্ৰেছ দলৰ পৰা অব্যাহতি গ্ৰহণ কৰে ৷

কংগ্ৰেছ দলত্যাগ এম.জি.ভি.কে ভানুৰ

By

Published : Oct 29, 2019, 11:44 PM IST

তেজপুৰ, 29 অক্টোবৰঃ এম.জি.ভি.কে ভানুৰ কংগ্ৰেছ ত্যাগ ৷ অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব তথা তেজপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা ভানুৱে আজি সন্ধিয়া কংগ্ৰেছ দলৰ পৰা অব্যাহতি লয় ৷ ভানুয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেওঁ ৰাইজে বিচৰাৰ বাবে কংগ্ৰেছৰ পৰা বিগত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল । ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ হাতত পৰাস্ত হৈছিল ।

ABOUT THE AUTHOR

...view details