অসম

assam

ETV Bharat / state

বাগিচাই-বাগিচাই ভানুৰ নিৰ্বাচনী প্ৰচাৰ - গহপুৰ

নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই শ্ৰমিকৰ ওচৰত ভোটভিক্ষা কংগ্ৰেছৰ।

etv bharat

By

Published : Mar 9, 2019, 12:38 PM IST

তেজপুৰ, ৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰদেশ কংগ্ৰেছ। চাহ জনগোষ্ঠীৰ ভোট আদায়ৰ উদ্দেশ্যে গহপুৰৰ বাগিচাই-বাগিচাই প্ৰচাৰ চলাইছে কংগ্ৰেছে।

শনিবাৰে ৰাতিপুৱাই গহপুৰৰ পুৰুপবাৰী বাগিচাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে উপস্থিত হয় তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী এম জি ভি কে ভানু। বাগিচাখনত উপস্থিত হৈ শ্ৰমিকৰ ওচৰলৈ গৈ কংগ্ৰেছৰ কামৰ খতিয়ান দাঙি ধৰে ভানুৱে। বিজেপি চৰকাৰৰ প্ৰতাৰণামূলক আঁচনিৰ বিপৰীতে কংগ্ৰেছেহে চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পালন কৰে ভানুৱে।

BHANU

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উলিওৱা বাগান চলো কাৰ্যসূচীৰ অধীনতেই গহপুৰৰ ৯ খন বাগানত উপস্থিত হয় এম জি ভি কে ভানু।

ABOUT THE AUTHOR

...view details